অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় বঁটাৰে উজলিল অসমীয়া চুটি ছবি "অনীহা" - চুটি ছবি

চলচিত্ৰপ্ৰেমী ৰাইজলৈ আন এক সুখবৰ ৷ পুনৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানীত আন এখন অসমীয়া ছবি ৷ বেংগালোৰুত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম হাউছৰ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত অনীহা-লৈ Best Social Awareness Film ৰ বঁটা ৷

national award goes to an assamese short film named Aniha
ৰাষ্ট্ৰীয় বঁটাৰে উজলিল অসমীয়া চুটি ছবি "অনীহা"

By

Published : Nov 8, 2021, 7:34 PM IST

যোৰহাট,8 নৱেম্বৰ : 7 নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বেংগালোৰুত অনুষ্ঠিত হোৱা ইণ্ডিয়ান ফিল্ম হাউছৰ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত যোৰহাটৰ N.J. Production ৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি অনীহাই সামাজিক সচেতনতা ছবিৰ ( Best Social Awareness Film) শিতানত শ্ৰেষ্ঠ ছবি হিচাবে নিৰ্বাচিত হৈছে ৷

প্ৰতিযোগিতাত অনীহাই মুঠ নটা শিতানত মনোনয়ন লাভ কৰিছিল । অনীহাৰ হৈ প্ৰযোজক নয়ন জ্যোতি শৰ্মা আৰু জুৰি শৰ্মাই বেংগালোৰুৰ চৌদিয়া মেমৰিয়েল হলত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ গ্ৰহণ কৰে স্বৰ্ণ পদক । উক্ত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দক্ষিনাট্যৰ ছবি জগতৰ কেইবাগৰাকীও জনপ্ৰিয় ছবি নিৰ্মাতা, প্ৰযোজক, পৰিচালক, চিনেমেট’গ্ৰাফাৰ উপস্থিত আছিল ৷

ৰাষ্ট্ৰীয় বঁটাৰে উজলিল অসমীয়া চুটি ছবি "অনীহা"

যোৰহাটৰ Sprindale High School ৰ দশম শ্ৰেণীৰ ছাত্ৰ ক্ৰমে পূৰৱ শৰ্মা আৰু মৃগাঙ্ক মাইনাই যুটীয়া ভাৱে কৰা কাহিনী আৰু পৰিচালনাৰে অনীহা চুটি ছবিখন নিৰ্মাণ কৰা হৈছিল । ছবিখনৰ চিনেমেট’গ্ৰাফী আৰু দ্ৰোণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা আছিল মৃগাঙ্কৰ ।

পায়েল শৰ্মাৰ সহযোগত সংগীত দিছে মুম্বাইৰ সপোন শইকীয়াই । সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনত অভিনয় কৰিছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মাই । অনীহা ই ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :অসম চলচ্চিত্ৰ নিগমৰ নতুন অধ্যক্ষ সন্দৰ্ভত প্ৰস্তুতি পৰাশৰ মন্তব্য

ABOUT THE AUTHOR

...view details