যোৰহাট, 23 জুলাই :অসমৰ সীমান্তৱৰ্তী লোক সকলে আজিকোপতি এক আতংকময় পৰিৱেশৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ অসম নাগালেণ্ডৰ (Assam-Nagaland) সীমা বিবাদ আজিও অন্ত পৰা নাই ৷ তাৰ মাজতে শুকুৰবাৰে পুনৰ অসমৰ ভূমি আগ্ৰাসন কৰিছে নগাই ৷ উল্লেখযোগ্য যে, অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুস্কৃতিকাৰীৰ গুলিবৰ্ষণৰ ঘটনাৰ উত্তেজনা মাৰ নৌ যাওঁতেই পুনৰ নগাই আগ্ৰাসন আৰম্ভ কৰিছে মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত (Disoi Vally Reserve Forest)।
জানিব পৰা মতে, মৰিয়নী নাগাজাংকা উদয়পুৰৰ সমীপত থকা দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পথৰ দাঁতিত এজোপা গছত নগা ভাষাৰ এখন নামফলক আৰি থৈছিল । তাৰোপৰি নাগালেণ্ডৰ মোককচুং জিলাৰ অধীনত এম জি এন ৰেগা (MGNREGA)ৰ অধীনত কামৰ এখন পকী নামফলক বনাঞ্চল খনত লগাই ভূমি বেদখল কৰাৰ চেষ্টা কৰিছিল নগাই । ইপিনে ঘটনাৰ সবিশেষ তথ্য লাভ কৰিয়েই খণ্ড বন বিষয়াই বনৰক্ষীৰ সহযোগত উক্ত গছত লগাই থোৱা জননী খন জব্দ কৰাৰ উপৰিও পকী নামফলক খন নষ্ট কৰে । আনহাতে বহু পলমকৈ ঘটনাস্থলীত মৰিয়নী আৰক্ষী (Mariyani Police) উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, আন্তঃৰাজ্যিক সীমা সমস্যা (Inter State Border Conflict) অসমৰ বাবে এটা দীঘলীয়া আৰু জটিল সমস্যা । বছৰৰ পাছত বছৰ ধৰি সীমান্ত অঞ্চলৰ ৰাইজে এই সমস্যাৰ বাবে দুৰ্ভোগ ভুগি আহিছে ।