যোৰহাট, 2 মাৰ্চ:আজি ঘোষণা হ’ল বহু প্ৰত্যাশিত ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে পুনৰ চৰ্চালৈ আহিছে এগৰাকী ৰাজনীতিক ৷ তেওঁ হ’ল নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি টেনজেম ইম্না আলং (Nagaland assembly election 2023) ৷
উল্লেখ্য যে, নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে টেনজেম ইম্না আলঙক নিষিদ্ধ ঘোষণা কৰিছিল NSCN (IM)য়ে ৷ টেনজেম ইম্না আলঙক ভোটদান নকৰিবলৈ তেওঁৰ সমষ্টিবাসীক আহ্বান জনাইছিল নগা উগ্ৰপন্থী সংগঠনটোৱে ৷ কিন্তু NSCN (IM)ৰ বিৰোধিতাৰ পাচতো বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হ’ল টেনজেম ইম্না আলং (Temjen Imna Along won election) ৷
আলংটাকি সমষ্টিৰ পৰাৰ প্ৰতিদ্বন্দিতা আগৱঢ়োৱা টেমজন ইম্না আলঙে 1748 টা ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় । নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি টেমজন ইম্না আলঙে 9274 টা ভোট লাভ কৰাৰ বিপৰীতে জে ডি ইউৰ(JDU) প্ৰাৰ্থীগৰাকীয়ে 5526 টা ভোট লাভ কৰে ।
উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত নগা জাতিক ভাৰতীয় নাগৰিক বুলি কৈছিল টেনজেম ইম্না আলঙে । বিজেপি নেতাগৰাকীৰ এই মন্তব্যৰ বাবে 30 নং আলংটাকি সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰক নিৰ্বাচনত ভোট প্ৰদান নকৰিবলৈ আহ্বান জনাইছিল NSCN (IM)য়ে । নগা উগ্ৰপন্থী সংগঠনটোৰ এই নিৰ্দেশনাই পাহাৰীয়া ৰাজ্যখনৰ লগতে বিজেপি দলত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া (Nagaland Assembly Election Results)৷