যোৰহাট, 4 মে’ :অসম-নাগালেণ্ড সীমান্তত প্ৰায় প্ৰতিদিনেই বিৰাজ কৰে এক উত্তেজনাময় পৰিৱেশে ৷ সীমাৰ ঠেলা-হেঁচাত জীয়াতু ভুগিছে সীমান্তৱৰ্তী ৰাইজে ৷ মৰিয়নীৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত নগাই চলাই গৈছে ধ্বংস যজ্ঞ আৰু নীৰৱ দৰ্শক হৈ চাই ৰৈছে অসম প্ৰশাসনে (Naga terror on The Land of Assam) ৷
বৰ্তমান মৰিয়নীৰ মগ্ৰৈত নগা দুৰ্বৃত্তই ধাৰাবাহিক ভাৱে সন্ত্ৰাস অব্যাহত ৰাখিছে৷ দিনৰ পোহৰতেই মুকলিভাৱে অসমৰ ৰাজহ ভূমিত প্ৰৱেশ কৰি নগা দুৰ্বৃত্তই ধ্বংস কৰি গৈছে এজোপাৰ পিচত আন এজোপাকৈ গছ । এই মুহূৰ্ততো ঘটনাস্থলীলৈ যাবলৈ সাহস কৰিব পৰা নাই অসমৰ প্ৰশাসনৰ দলে (Assam Nagaland border issue) ৷
মৰিয়নীৰ মগ্ৰৈ সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তই অসমীয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগানত প্ৰৱেশ কৰি গাঁৱৰ ভূমি এৰি দিব বাবে ভাবুকি প্ৰদান কৰা ঘটনাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাচতহে বাধ্য হৈ গা লৰিল অসম প্ৰশাসনৰ । নগা দুৰ্বৃত্তই ভাবুকি প্ৰদান কৰা আৰু নগাই মৰিয়নীৰ মগ্ৰৈ ৰাজহ গাঁৱৰ ভূমি নিজৰ বুলি দাবী কৰা স্থানত উপস্থিত হোৱাৰ পৰিৱৰ্তে সীমা নিৰীক্ষণৰ স্থানত উপস্থিত হয় মৰিয়নী আৰক্ষী বিষয়া, মহকুমা আৰক্ষী বিষয়া আৰু দণ্ডাধীশ (Naga aggression at Mariani) ।