যোৰহাট,১৫ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালীৰ উচাহৰ ঢল । কিন্তু তাৰমাজতে যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । পহিলা ব'হাগৰ দিনটোত তথা ৰাজ্যবাসীয়ে বিহুৰ উন্মাদনাত বিভোৰ হৈ থকা সময়তে অসম ভূমিত নগাই চলালে সন্ত্ৰাস (Naga miscreants set fire to Assams reserved forests) । পহিলা ব'হাগতে দিন দুপৰতে অসমৰ বনাঞ্চলত নগাৰ অগ্নিসংযোগ । জুইত জাহ হেক্টৰ হেক্টৰ ভূমি । অসম প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি মৰিয়নিৰ সীমান্তত অব্যাহত ৰাখিছে সন্ত্ৰাস ।
দিচৈভেলীৰ নাগাজাংকা বৰলাইনত পহিলা বহাগ দিনটোত অগ্নিসংযোগ নগা বেদখলকাৰীৰ (Assam land occupied by Naga miscreants) । ভয়ংকৰ জুইৰ শিখাই নিমিষতে আগুৰি ধৰে দিচৈভেলী বনাঞ্চলৰ বৃহৎ এলেকা । জুই লেনিহান শিখাই গ্ৰাস কৰে হাজাৰ হাজাৰ বাঁহ গছ । ধ্বংসস্তূপত পৰিণত হ'ল এক বিস্তীৰ্ণ অঞ্চল । উক্ত বাঁহ গছসমূহ অসম চৰকাৰৰ বেম্ব মিছনৰ অধীনত ৰোপণ কৰাৰ হৈছিল বুলি জানিবপৰা গৈছে (Assam Nagaland border dispute) ।
উক্ত ভূমি মুকলি কৰি নিজৰ দখললৈ নিয়াৰ এক কৌশল চলোৱাৰ বাবেই দুৰ্বৃত্তই অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে । ইতিমধ্যে নগাই সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় সংখ্যক ভূমিয়েই নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে (Encroachment of Assam land) । নগাৰ অগ্নিসংযোগৰ পিচতে সীমান্তত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হয় । বৰ্তমানো ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগ আৰক্ষীৰ লোক ।