যোৰহাট, 8 আগষ্ট : অসম-নাগালেণ্ড সীমান্তত অসমীয়া লোকৰ ওপৰত একাংশ নগা দুবৃৰ্ত্তৰ তাণ্ডৱৰ পিচত এইবাৰ নাগালেণ্ডত নগা লোকৰ আতিশয্যৰ বলি হ’ল অসমৰ গাড়ী চালক ৷ গাড়ী চালকৰ পৰা দাবী ধমকিৰে ধন সংগ্ৰহ কৰে নগা লোকে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, ভুক্তভোগী গাড়ীৰ চালকজনে মৰিয়নীৰ জংচনৰ পৰা কাষৰীয়া নাগালেণ্ডৰ মোককচাঙলৈ কেইজনগৰাকীমান সেনা জোৱানক থবলৈ বুলি গৈছিল ৷ তেওঁলোক নাগালেণ্ড সোমোৱাৰ পিচতে মোককচাং চহৰত নগা টেক্সি উন্নয়ণৰ এটা দলে তেওঁলোকক আগুৰি ধৰে ৷ দলটোৱে চালকজনৰ পৰা গাড়ীখনৰ কাগজ পাতি চাবলৈ বিচৰাত চালকজনে দেখুৱাই দিয়ে ৷
তাৰ পিচতে দলটোৱে সেনা জোৱানকেইজনক অসমৰ বাহনখনৰ পৰা নামি টেক্সিত আৰ্মি কেম্পলৈ যাবলৈ দিয়ে ৷ সেনা জোৱানকেইজনে তেওঁলোকৰ কথা মানি টেক্সিত যাম বুলি কৈ অসমৰ চালকজনক এৰি দিবলৈ দিয়ে ৷ দলটোৱে সেনা জোৱানৰ কথা নুশুনি অসমৰ চালকজনক বলপূৰ্বকভাৱে আৱদ্ধ কৰি বে-আইনী ভাৱে নাগালেণ্ডত গাড়ী চলোৱাৰ অভিযোগ কৰি এখন চিল মোহৰ নথকা কাগজ দি ৩০০০ টকাৰ পৰা ৫০০০ টকাৰ জৰিমনা বিহে ৷ লগতে চালকজনক প্ৰহাৰো দলে দলটোৱে ৷