যোৰহাট, ২৮ ফেব্ৰুৱাৰী : মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন (Naga Encroachment in Morioni Assam Nagaland border) । বিগত কিছু দিন ধৰি এই অঞ্চলটোত নগা দুষ্কৃতিকাৰীয়ে অসমৰ ভূমিলৈ প্ৰৱেশ কৰি কাটি তহিলং কৰিছে অসমৰ অসমৰ বনভূমি । তাৰ মাজতে সোমবাৰে নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিনটোতে নিশাৰ ভাগত অসমৰ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি এদল আগ্ৰাসী নগাই অগ্নিসংযোগ কৰে (Naga set fire on Assam reserve forest) ।
মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ নাগাজংকা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তই চলালে এই সন্ত্ৰাস (Naga miscreants terror in Disai Valley Reserve Forest) । শ শ বিঘা সেউজ ভূমিত অগ্নিসংযোগ কৰে নগা দুৰ্বৃত্তই । উল্লেখ্য, সমীপৰ আওচেনডেন বস্তিৰ নগাই বনাঞ্চলখনত অগ্নিসংযোগ কৰাৰ সন্দেহ কৰা হৈছে । কিছু দিন পূৰ্বে উক্ত স্থানতে নগা দুৰ্বত্তই মূল্যৱান গছ-গছনি কাটি তহিলং কৰিছিল (Assam Nagaland border conflict) । আনহাতে, নগা দুৰ্বত্তই কৰা অগ্নিসংযোগৰ ঘটনাৰ পাছত এতিয়া আতংকিত হৈ পৰিছে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অসমীয়া লোকসকল ৷
তাৎপৰ্যপূৰ্ণ যে বিগত সময়ছোৱাতো মৰিয়নিৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই আগ্ৰাসী চৰিত্ৰ উদঙাই আহিছে । অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ থকা নগাৰ বৃহৎ দলে বনাঞ্চলখনত বেদখল কৰি মূল্যৱান গছ-গছনি কাটি তহিলং কৰি আহিছে । আনকি উক্ত ঘটনাস্থলীত ভিডিঅ' সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো অস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰিবলৈ সাহস কৰিছিল নগা দুৰ্বৃত্তৰ দলটোৱে । কিন্তু অসমৰ ভূমিত নগা দুৰ্বৃত্তই ধৰাবাহিকভাৱে সন্ত্ৰাস চলাই অহাৰ পিছতো অসম চৰকাৰ তথা স্থানীয় প্ৰশাসনে কোনো ধৰণৰ সবল স্থিতি গ্ৰহণ কৰিব নোৱাৰাত সীমান্তবাসী অসমীয়াই ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলৈ বাধ্য হৈ আহিছে ।
উল্লেখ কৰাৰ প্ৰয়োজন যে নগা দুৰ্বৃত্তই ধাৰাবাহিকভাৱে অসমৰ বনাঞ্চল ধ্বংস কৰি ভূমি বেদখল কৰাৰ লগে লগে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে সীমান্তবাসী অসমীয়া আতংকিত হৈ প্ৰাণৰ সংশয়ত ভুগিবলগা হৈছে । ইয়াৰ বিপৰীতে নগাৰ হাতৰ পৰা অসমৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে সদায় পুতৌজনক স্থিতি গ্ৰহণ কৰি আহিছে ।