তিতাবৰ,4 এপ্ৰিলঃ তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তত অব্যাহত নগাৰ সন্ত্ৰাস ৷ নগাসকলে অসমৰ ভূমিত নিৰ্মাণ কৰিব নিদিয়ে কোনোধৰণৰ গৃহ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, দীৰ্ঘদিনৰ পৰা তিতাবৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত অব্যাহত আছে নগালোকৰ সন্ত্ৰাস ৷ শনিবাৰে তিতাবৰৰ গাঠীয়া গড়ক নগা লংচুৰি গাঁৱৰ গাঁওবুঢ়া সহিতে একাংশ নগা লোকে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লক ডাউনৰ বাবে সকলোৱে নিজ গৃহত আৱদ্ধ হৈ থকাৰ সুবিধা বুজি একাংশ নগা লোকে অসমৰ ভূমি আগ্ৰাসন কৰাৰ মনোভাৱেৰে স্থানীয় ৰাইজক ভীতিগ্ৰস্ত কৰি তুলিছে ৷
তিতাবৰত অসম ভূমিত অব্য়াহত নগাৰ সন্ত্ৰাস - অসম-নাগালেণ্ড সীমা
দীৰ্ঘদিনীয়া অসম-নাগালেণ্ডৰ সীমা সমস্যা আজিৰ কথা নহয় ৷ আজিকোপতি এই সমস্যাৰ কোনো সমাধান উলিয়াব পৰা নাই প্ৰশাসনে ৷ শনিবাৰে পুনৰ তিতাবৰৰ অসম-নাগালেণ্ডৰ সীমান্তত নগা লোকে অত্যাচাৰ চলায় অসমীয়া লোকৰ ওপৰত ৷
অসমৰ ভূমিত নগাৰ সন্ত্ৰাস
অসম-নাগালেণ্ড সীমান্তৰ পূৰ্বৰ ছাৰ্ভিচ গাঁৱৰ সীমান্তত গাঠীয়া গড়ে নিৰ্মাণ কৰিছিল এটা গৃহ ৷ কিন্তু লুংচুৰী বস্তীৰ গাওঁবুঢ়া আহি গৃহ নিৰ্মাণ বন্ধ কৰিবলৈ ধমকি প্ৰদানৰ লগতে গাঠীয়া গড়ক মাৰপিট কৰে । ঘটনাৰ খবৰ লাভ কৰি বেকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ৷ ঘটনাটোৰ ফলত সমগ্ৰ অঞ্চলত এক চেপা উত্তেজনা বিৰাজ কৰিছে ৷
লগতে চাওকঃকোৱাৰেন্টাইনত থকা ব্যক্তিৰ আত্মহত্যা