অসম

assam

অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাই চলাইছে আগ্ৰাসন

By

Published : May 25, 2021, 9:50 PM IST

পুনৰ অসম-নাগালেণ্ড সীমান্তৱর্তী মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই চলাইছে আগ্ৰাসন ৷ সেউজীয়া হৈ থকা সংৰক্ষিত বনাঞ্চলখনত একাংশ নগা দুস্কৃতিকাৰীয়ে নিতৌ গছ-গছনি কাটি তহিলং কৰি বসবাস কৰিবলৈ ঘৰ নিৰ্মাণ কৰাৰ ওপৰিও ৰোপন কৰিছে হাজাৰ হাজাৰ তামোল গছৰ পুলি ৷

অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাই চলাইছে আগ্ৰাসন
অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাই চলাইছে আগ্ৰাসন

যোৰহাট, 25মে': সমগ্ৰ দেশজুৰি কৰ'ণা মহামাৰীয়ে চলোৱা সংহাৰৰ সুযোগ বুজি অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাই চলাইছে আগ্ৰাসন ৷ পুনৰ অসম-নাগালেণ্ড সীমান্তৱর্তী মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই অবৈধভাৱে নিৰ্মাণ কৰিছে ঘৰ ৷ কিছুদিন আগলৈকে সেউজীয়া হৈ থকা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল এতিয়া হৈ পৰিছে উকা ৷ একাংশ নগা দুস্কৃতিকাৰীয়ে নিতৌ বনাঞ্চলখনৰ গছ-গছনি কাটি তহিলং কৰি বসবাস কৰিবলৈ ঘৰ নিৰ্মাণ কৰাৰ ওপৰিও ৰোপন কৰিছে হাজাৰ হাজাৰ তামোল গছৰ পুলি ৷

অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাই চলাইছে আগ্ৰাসন

উল্লেখ্য যে, বিগত কিছুদিনৰ পূৰ্বে কাৰ্বি আংলঙৰ ধনশিৰিৰ অসম-নাগালেণ্ড সীমান্তৰ ডিমাপুৰৰ দাঁতি কাষৰীয়া চাংতাম টিলা নামৰ ঠাইত এখন গেট স্থাপন কৰি অসমৰ ভূমি বেদখল কৰাৰ চেষ্টা কৰিছিল ৷ পুনৰ অনুৰূপ ঘটনাই ঘটিল মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত ৷ অসমৰ ভূমিত নগাই প্ৰৱেশৰ বাবে জেচিবি লগাই নিৰ্মাণ কৰিছে আহল বহল পথ ৷ ইমানৰ পাচতো যোৰহাট জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সীমান্তৰ গাঁওবাসীৰ সহযোগত সাংবাদিকৰ এটা দলে পোহৰ লৈ আনিছে সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক :অসম-বংগত সীমান্তত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details