অসম

assam

ETV Bharat / state

Naga encroachment: পুনৰ অসমৰ ভূমিত আগ্ৰাসী ৰূপত নগা - Naga aggregation continues

নাগালেণ্ডত নতুন চৰকাৰ গঠনৰ পিচত পুনৰ অসমৰ ভূমিত আগ্ৰাসী ৰূপত নগা । পুনৰ উত্তপ্ত মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্ত । এইবাৰ তিৰুহিলছ বনাঞ্চলত ব্যাপক বনধ্বংস নগা দুৰ্বৃত্তৰ (Naga miscreants deforestation in Tiruhills forest) ।

Naga encroachment
Assam Nagaland border

By

Published : Mar 14, 2023, 4:52 PM IST

মৰিয়নিত নগাৰ আগ্ৰাসন

যোৰহাট, ১৪ মাৰ্চ : অসমৰ মাটিত নগাৰ আগ্ৰাসনক লৈ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মৰিয়নি সীমান্তত (Assam Nagaland border conflict) । দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পিচত এইবাৰ নগাৰ লক্ষ্য তিৰুহিলছ বনাঞ্চল । নগাৰ আগ্ৰাসনক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্ত (tense situation in Assam Nagaland border) । মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ দিচৈভেলী বনাঞ্চলত নগা দুৰ্বৃত্তই অবাধ বেদখল চলোৱাৰ পিচত এইবাৰ তিৰুহিলছ বনাঞ্চলত ব্যাপক বনধ্বংস চলাইছে নগা দুৰ্বৃত্তই (Naga miscreants deforestation in Tiruhils forest) ।

নাগালেণ্ডত নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিচতে যেন দুগুণ উৎসাহেৰে নগাই পুনৰ আৰম্ভ কৰিছে অসমৰ মাটি বেদখল অভিযান (Naga miscreants aggression at Morioni) । ইফালে অসমৰ ভূমিত অব্যাহত থকা নগাৰ দপদপনিত উজাগৰী নিশা কটাবলগা হৈছে সীমান্তবাসী অসমীয়া ৰাইজে । মৰিয়নিৰ অসম চাহ নিগমৰ নাগিনীজান চাহ বাগিচাৰ ১৮ নম্বৰ ছেকচনৰ কাষতে লাগি থকা তিৰুহিলছ বনাঞ্চলৰ বহু মূল্যৱান গছ কাটি অসমৰ ভূমিত অবাধ বেদখলত নামিছে নগা দুবৃত্তই (encroachment of Naga miscreants) ।

মন কৰিবলগীয়া যে, ইতিমধ্যে অসমৰ ভূমিত নগাই কৰিছে ৰবৰৰ খেতি । এই ঘটনাৰ পিচতে মঙলবাৰে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে সীমান্তত । অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত নগাৰ এটা দলে বনাঞ্চলখনত বেদখলৰ উদ্দেশ্যে বনাঞ্চলৰ বহু মূল্যৱান গছ-গছনি কাটি তহিলং কৰে । অসমৰ ভূমিত নগা দুৰ্বৃত্তই ধৰাবাহিকভাৱে সন্ত্ৰাস চলাই অহাৰ বিপৰীতে অসমৰ প্ৰশাসনৰ পুতৌজনক ভূমিকাক লৈ ক্ষোভৰ সৃষ্টি হৈছে সীমান্তবাসী অসমীয়াৰ মাজত ।

নগা দুৰ্বৃত্তই দিন দুপৰতে অসমৰ বনাঞ্চল ধ্বংস কৰি ভূমি বেদখল কৰিবলৈ চেষ্টা কৰাৰ পাচতে সীমান্তত উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে সীমান্তবাসী অসমীয়া আতংকিত হৈ পৰিছে । কিন্তু এতিয়া নগাৰ হাতৰ পৰা অসমৰ ভূমি ৰক্ষাৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । উল্লেখ কৰা প্ৰয়োজন যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ড বিধানসভা নিৰ্বাচনত দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ আশ্বাস দিয়াৰ পিচতো কিয় এনেধৰণৰ কাৰ্যত নগা লিপ্ত হৈছে সেয়া হৈছে লক্ষণীয় বিষয় ।

লগতে পঢ়ক :SEBA Paper Leak Case : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জনক আটক

ABOUT THE AUTHOR

...view details