অসম

assam

ETV Bharat / state

Sarvodaya College: সৰ্বোদয় মহাবিদ্যালয়লৈ নাকৰ B+গ্ৰেড

সৰ্বোদয় মহাবিদ্যালয়ক "নাক"ৰ B+ গ্ৰেড প্ৰদান (B+ grade of NAAC for Sarvodaya College)। ইয়াৰ লগে লগে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে ছাত্র-ছাত্ৰীৰ মাজত ব্যাপক আনন্দ পৰিলক্ষিত হয় ।

By

Published : Nov 16, 2022, 11:06 AM IST

NAAC
সৰ্বোদয় মহাবিদ্যালয় লৈ নাকৰ B+গ্ৰেড

যোৰহাট, ১৬ নৱেম্বৰ:উত্তৰপশ্চিম যোৰহাটৰ মালৌপথাৰস্থিত আৰু দেৰগাঁও সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান সৰ্বোদয় মহাবিদ্যালয়ক "নাক"ৰ B+ গ্ৰেড প্ৰদান (B+ grade of NAAC to Sarvodaya College) । উক্ত মহাবিদ্যালয়খনক নাকে B+গ্ৰেড প্ৰদান কৰাৰ লগে লগে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে ছাত্র-ছাত্ৰী ,প্ৰাক্তন শিক্ষাৰ্থীৰ উপৰি অঞ্চলবাসীৰ মাজত ব্যাপক আনন্দ উল্লাস পৰিলক্ষিত হৈছে (Great joy among teachers and students)। এই ঘোষণাৰ লগে লগে আৱতৰীয়া বিহু আৰম্ভ হয় ।

সৰ্বোদয় মহাবিদ্যালয় লৈ নাকৰ B+গ্ৰেড

আনহাতে, সৰ্বোদয় মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মুল্যাংকন আৰু প্ৰত্যায়ন পৰিষদৰ (NAAC)প্ৰথম মুল্যায়ন হোৱাৰ পিছতে B+ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় । ৰাষ্ট্ৰীয় মুল্যাংকন আৰু প্ৰত্যায়ন পৰিষদৰ হৈ কৰ্নাটকৰ ৰায়ুচৰ বিশ্ববিদ্যালয়ৰ (University of Rayus) প্ৰতিষ্ঠাপক উপাচাৰ্য ড৹ হৰিশ ৰামস্বামী, গোৱা বিজিনেছ স্কুলৰ (Goa Business School) অৰ্থনীতি বিভাগৰ অধ্যাপক ড৹ প্ৰণৱ মুখোপাধ্যায় আৰু তামিলনাডুৰ বদৰান্যম মহাবিদ্যালয় অধ্যক্ষ ড৹ কে সুধাকৰ কমলাকান্ননে মহাবিদ্যালয়খনৰ মূল্যায়ন কৰে ।

উক্ত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ মনোজ বৰুৱা, আভ্যন্তৰীণ মান নিৰূপন কোষৰ সমন্বয়ক ৰবিজিত দত্ত আৰু পৰিচালনা সমিতিৰ সভাপতি নৃপেন দেউৰীয়ে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু অঞ্চলবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে । মহাবিদ্যালয়খনৰ এই সাফল্যত অঞ্চলবাসী ৰাইজ উল্লাসিত হৈছে ।

উল্লেখ্য যে সৰ্বোদয় মহাবিদ্যালয়ে বহুতো ঘাট-প্ৰতিঘাটৰ অন্তত আজি এই পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছে । উক্ত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কেইবাজনো শিক্ষাবিদ আৰু অঞ্চলবাসীৰ ৰাইজে ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক:PSPB inter unit tournament: অনুষ্ঠানত অংশ লৈ অইলৰ খেলুৱৈৰ চাকৰিৰ কোটা শীঘ্ৰে পূৰণৰ নিৰ্দেশ ৰামেশ্বৰ তেলীৰ

ABOUT THE AUTHOR

...view details