যোৰহাট,৮ এপ্ৰিল :যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ ৰহস্যজনক মৃত্যু (Mysterious death of JEC student)। ছাত্ৰাৱাসৰ কোঠাতে উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ । ঘটনাক লৈ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত তীব্ৰ চাঞ্চল্য । কিন্তু কেনেকৈ মৃত্যু হ'ল ছাত্ৰজনৰ ? আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
ছাত্ৰজনৰ নাম ছাহ নিহাজুল নিহাজ । গুৱাহাটীৰ মিৰ্জাত ঘৰ ছাহ নিহাজুলৰ । ইফালে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৫ নং ছাত্ৰাৱাসৰ ৫০৬ নম্বৰ কোঠাত আছিল ছাত্ৰজন । শুকুৰবাৰে পুৱাই ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল (JEC student body recovered at hostel room)। কিন্তু ছাত্ৰৰ মৃত্যুৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্রাৱাসৰ ৱাৰ্ডেনগৰাকীৰ বিৰুদ্ধে । কিন্তু শুকুৰবাৰে নিশাৰ ভাগলৈ উক্ত ঘটনা সৰ্বত্ৰে বিয়পি পৰে ।
২০১৯ বৰ্ষৰ এক পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল ছাত্ৰজন । পৰীক্ষা দিবলৈ গৈ ৫ নং ছাত্রাৱাসৰ আৱাসী হৈ আছিল ছাত্ৰজন । কিন্তু শুকুৰবাৰে পুৱা সেই কোঠাতে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হয় । অৱশ্যে পৰিয়াল লোকসকল উপস্থিত নোহোৱাৰ বাবে শুকুৰবাৰে নিশাৰ পৰিৱৰ্তে শনিবাৰেহে মৰণোত্তৰ পৰীক্ষা কৰা হ'য় । কিন্তু ছাত্ৰজনৰ মৃত্যু কেনেকৈ হ'ল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ।