অসম

assam

ETV Bharat / state

যোৰহাটত জাৱৰৰ দ'মঃ আহৰি নাই পৌৰসভাৰ

পাঁচ দিন ধৰি বায়ু প্ৰদুষণৰ সৃষ্টি কৰি অহা জাৱৰৰ দ'মে অঞ্চলজুৰি এতিয়া বেমাৰৰ বীজাণু বিয়পোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ যিসময়ত চৰকাৰে স্বচ্ছ ভাৰতৰ দৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে, তেনে সময়তে চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে ৰাখিবলৈ পৌৰসভাৰ অনিশ্চয়তাত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৷

যোৰহাটত জাৱৰৰ দ'মে জ্বলা-কলা খুৱাইছে ৰাইজক

By

Published : Jun 8, 2019, 12:31 PM IST

যোৰহাট,8 জুন: যোৰহাটৰ চোলাধৰা অঞ্চলত কেইবাদিনো ধৰি পৰি আছে জাৱৰভৰ্তি এটা ডাষ্টবিন । কিন্তু জাৱৰসমূহ নিষ্কাষণ কৰাৰ সময় নাই পৌৰসভা কৰ্মীৰ । যাৰ ফলত বাৰুকৈয়ে জীয়াতু ভূগিবলগীয়া হৈছে চোলাধৰাবাসী ৰাইজে । পাঁচ দিন ধৰি বায়ু প্ৰদুষণৰ সৃষ্টি কৰি অহা জাৱৰৰ দ'মে অঞ্চলজুৰি এতিয়া বেমাৰৰ বীজাণু বিয়পোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

যোৰহাটত জাৱৰৰ দ'মে জ্বলা-কলা খুৱাইছে ৰাইজক

যিসময়ত চৰকাৰে স্বচ্ছ ভাৰতৰ দৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে, তেনে সময়তে চহৰখন পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে ৰাখিবলৈ পৌৰসভাৰ অনিশ্চয়তাত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৷ দীৰ্ঘদিনে জাৱৰৰ দ'ম এটা চহৰখনৰ গুৰুত্বপূৰ্ণ অঞ্চলত পৰি থকাৰ পাচত গা লৰিবনৈ সংশ্লিষ্ট পক্ষৰ?

ABOUT THE AUTHOR

...view details