যোৰহাট, ১৭ ডিচেম্বৰ :শনিবাৰে নিজৰ প্ৰাপ্যৰ দাবীত যোৰহাট পৌৰসভাৰ কাযালয়ত পৌৰকৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Municipal worker protest at Jorhat Municipality) । ন্যায্য প্ৰাপ্তিৰ দাবীত শনিবাৰে যোৰহাট পৌৰসভা কাৰ্যালয়ৰ সন্মুখত আৰু পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে পৌৰসভাৰ কৰ্মীসকলে (Jorhat Municipality worker protest) ।
পৌৰসভা কৰ্মীসকলে দীৰ্ঘদিন ধৰি কম মজুৰিত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰি আহিছে যদিও আজিকোপতি তেওঁলোকৰ চাকৰি স্থায়ী নকৰাৰ লগতে প্ৰাপ্য মজুৰি বৃদ্ধি কৰা নাই (Jorhat Municipality worker demand salary) । ফলত তেওঁলোকৰ অৱস্থা তথৈবচ হৈ পৰিছে । তেওঁলোকৰ প্ৰাপ্য মজুৰি ১৮ হাজাৰ টকালৈ বৃদ্ধি কৰা, চাকৰি স্থায়ীকৰণ কৰা আৰু পি এফৰ সুবিধা প্ৰদান কৰা আদি দাবীত পৌৰসভা কাৰ্যালয়ৰ সন্মুখত প্ৰথমতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।