তিতাবৰ, 01 জুন:দৰিদ্ৰতা কেতিয়াও প্ৰতিভাৰ হেঙাৰ হ'ব নোৱাৰে,তাকে প্ৰমাণ কৰিলে তিতাবৰ অসম নাগালেণ্ড সীমান্তৰ দেবাশ্ৰী বৰাই ৷ গোবিন বৰা আৰু ৰিংকু বৰাৰ কন্যা দেবাশ্ৰী বৰাই গুৱাহাটীত অনুষ্ঠিত হোৱা চাব জুনিয়ৰ মোৱেথাই প্ৰতিযোগিতাত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ৷
অকালতে মৰহি যাব নেকি এটা উজ্বল প্ৰতিভা - আন্তঃৰাষ্ট্ৰীয় মোৱেথাই
দেবাশ্ৰী বৰাই থাইলেণ্ড অনুষ্ঠিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় মোৱেথাই প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে
অৰ্থৰ অভাৱত থমকিছে এক সম্ভাৱনা
ইয়াৰোপৰি দেবাশ্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মোৱেথায় প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে ৷ কিন্তু পৰিতাপৰ বিষয় যে দৰিদ্ৰ পৰিয়ালটোৰ খেলুৱৈ গৰাকী থাইলেণ্ডলৈ যাবৰ বাবে হাতত নাই ধন ৷ আৰ্থিকভাৱে দুৰ্বল দেবাশ্ৰীৰ পিতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে ৷ সেয়ে দেবাশ্ৰীৰ পিতৃ-মাতৃয়ে,থাইলেণ্ডত অনুষ্ঠিত হ'ব লগীয়া মোৱেথাই প্ৰতিযোগিতাত দেবাশ্ৰীয়ে অংশ গ্ৰহণ কৰিবলৈ যাবলৈ অসমবাসী ৰাইজ আৰু অসম চৰকাৰৰ ওচৰত সহায়ৰ আহ্বান জনাইছে ৷