বিৰোধী একগোট হ’লেও ভয় নাকৰো ৰাইজে সিদ্ধান্ত ল’ব যোৰহাট, 2 জুলাই: ৰাজ্যৰ ৰাজনৈতিক মহলত খলকনি লগালে তিনি গগৈয়ে ৷ শুকুৰবাৰে শিৱসাগৰত সাংসদ গৌৰৱ গগৈ, বিধায়ক অখিল গগৈ আৰু অজাপাৰ সভাপতি লুৰীণজ্যোতি গগৈক হাতত-হাত ধৰি থকা এখন ফটোক লৈ অসমৰ ৰাজনৈতিক মহলত হঠাৎ ধুমুহা বলিল ৷ তিনি গগৈৰ ফটোক লৈ ইজনৰ পাচত সিজন বিজেপি নেতাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷
এইবাৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷ সাংসদ তাছাৰ মতে ‘‘বিৰোধী একগোট হ’লেও ভয় খাব নালাগে ৷ সকলোৱে নিজৰ নিজৰ এজেণ্ডা লৈ কাম কৰিব ৷ তিনি গগৈ শব্দটো শুনিবলৈ ভাল নে নাই নাজানো, কিন্তু তেওঁলোক বিৰোধী নেতাহে ৷ তেওঁলোক একত্ৰিত হৈ কি ক’ব ৰাইজক ৷ ইয়াত সংকীৰ্ণ ৰাজনীতি কৰি লাভ নাই । আৱেগিক দেখুৱাই মানুহক খটুৱাব পাৰিব তাতকৈ একো কৰিব নোৱাৰে ৷ সকলো ৰাজনৈতিক দল তথা বিৰোধী বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে ৷ কিন্তু সকলো সিদ্ধান্ত ৰাইজে ল’ব ৷ ’’
আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভতো প্ৰক্ৰিয়াক প্ৰকাশ কৰে সাংসদ তাছাই ৷ সাংসদ তাছাই কয় ‘‘যোৰহাট লোকসভা সমষ্টিত ২.৫০ লাখ চাহ বাগিচাৰ ভোটাৰ আছিল, তাতো মই জয়ী হৈ আহিছো ৷ চাহ বাগিচা ভোটাৰ থাকিলেই যে চাহ জনগোষ্ঠীয় লোক জয়ী হ'ব সেইটো মই নাভাবো ৷ কাৰণ চাহ জনগোষ্ঠীয় লোকৰ আধিপত্য থকা টিংখা, লাহোৱাল, বিহালী আদি সমষ্টিত চাহ জনগোষ্ঠী প্ৰাৰ্থী পৰাজয় হৈছে ৷’’
তেওঁ লগতে কয়, ‘‘চাহ জনগোষ্ঠী নেতা হ’ল বুলিয়ে চাহ জনগোষ্ঠীয় ৰাইজে ভোট দিব সেইটো কেতিয় হ'ব নোৱাৰে । চাহ জনগোষ্ঠীৰ মানুহখিনিক আজি দুৰ্বল বুলি ভাবি নালাগে কাৰণ তেওঁলোক আজি অসমীয়া বুলি পৰিচিত ৷ যি সকলে চাহ জনগোষ্ঠীয় লোকসকলক লৈ সংকীৰ্ণ ৰাজনীতি কৰে তেওঁলোক নিজকে বিকাৰগ্ৰস্থ বুলিহে পৰিচয় দিয়ে ।’’
লগতে পঢ়ক:Dighalipukhuri controversy: দীঘলীপুখুৰী বিতৰ্ক; চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা মীৰা বৰঠাকুৰৰ