অসম

assam

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 3:54 PM IST

ETV Bharat / state

MP Gaurav Gogoi: ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সাংসদ গৌৰৱ গগৈ

ঢেকীয়াখোৱা বৰনামঘৰত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামণি বৰা, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা পল্লবী গগৈ ৷ প্ৰয়াত পিতৃ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিবছৰে পবিত্ৰ ভাদমাহত এই ঐতিহাসিক পীঠত উপস্থিত হৈ ভগৱানৰ সেৱা লোৱাৰ লগতে ৰাইজৰ সৈতে বাৰ্তালাপ কৰা যি আদৰ্শ সেই আদৰ্শৰে আজি তেওঁ ঢেকীয়াখোৱাত উপস্থিত হৈছে বুলি মন্তব্য কৰে ৷ সমস্ত অসমবাসীৰে মংগল কামনা কৰে ।

MP Gaurav Gogoi
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সাংসদ গৌৰৱ গগৈ

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সাংসদ গৌৰৱ গগৈ

টীয়ক, ৭ ছেপ্টেম্বৰ: টীয়কৰ ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত বৃহস্পতিবাৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামণি বৰা, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা পল্লবী গগৈকে প্ৰমুখ্য কৰি কেইবাগৰাকীও কংগ্ৰেছী নেতা উপস্থিত হৈ শৰাই-নৈবদ্য আগবঢ়াই নেদেখাজনৰ চৰণত সেৱা লয় আৰু ভাদমহীয়া পালনামত অংশগ্ৰহণ কৰে । প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিবছৰে পবিত্ৰ ভাদমাহত এই ঐতিহাসিক পীঠত উপস্থিত হৈ ভগৱানৰ সেৱা লোৱাৰ লগতে ৰাইজৰ সৈতে বাৰ্তালাপ কৰা যি পিতৃৰ আদৰ্শ সেই আদৰ্শৰে আজি তেওঁ ঢেকীয়াখোৱাত উপস্থিত হৈছে বুলি মন্তব্য কৰি সমস্ত অসমবাসীৰে মংগল কামনা কৰে ।

ইপিনে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, বৰ্তমান গণতন্ত্ৰৰ নামত একনায়কত্ববাদ চলি আছে । চৰকাৰে ভাৰত আৰু ইণ্ডিয়া আদিবোৰ বিষয়ত লাগি সময় অপচয় কৰিছে । যি সময়ত ৰাজ্যত উৎকট গৰমৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তেনে সময়তে ২৪ ঘন্টা বিজুলী যোগান ধৰিম বুলি কোৱা চৰকাৰখনে এতিয়া ৰাইজৰ ঘামৰ প্ৰতি কোনো অনুকম্পা নাই । নিজে কেৱল বাতানুকুল পৰিবেশত থাকি অসমৰ ইতিহাসত কোনো কাহানিও নোহোৱাৰ দৰে শাসক পক্ষই কেৱল নিজ নিজ সা সম্পত্তি গঢ়া, ব্যৱসায় আদিৰ ক্ষেত্ৰত সকলো ব্যস্ত হৈ আছে আদি কথাৰে চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে ।

ইপিনে কংগ্ৰেছৰ দিনত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজবোৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰখনে কোনো গুৰুত্ব আৰোপ নকৰাটো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দি প্ৰকৃত গণতান্ত্ৰিক পদ্ধতিৰে ৰাইজৰ সেৱা কৰাটোৱে কংগ্ৰেছৰ লক্ষ্য বুলি সদৰী কৰে সাংসদ গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক:Electricity camp in Nagaon: মুখ্যমন্ত্ৰী ড৹ শৰ্মাক মিছলীয়া আখ্যা ননৈ গোমোঠা গাঁওবাসীৰ

ABOUT THE AUTHOR

...view details