অসম

assam

Assam Agricultural University:অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে ধানুকা এগ্ৰিটেক লিমিটেডৰ বুজাবুজি চুক্তি

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:26 PM IST

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰে ধানুকা এগ্ৰিটেক লিমিটেডৰ বুজাবুজি চুক্তি । কৃষি গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত কাম কৰাৰ লক্ষ্য ।

Assam Agricultural University
বুজাবুজি চুক্তি

যোৰহাট,১৪ ছেপ্টেম্বৰ :যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে দেশৰ আগশাৰীৰ বাণিজ্যিক গোষ্ঠী ধানুকা এগ্ৰিটেক লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত ধানুকাৰ হৈ ড৹ এ এছ তোমৰ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ ভাৰপ্ৰাপ্ত কৃষি গৱেষণা সঞ্চালক ড৹ মৃণাল শইকীয়াই এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ।

বুজাবুজি চুক্তি

এই চুক্তিৰ জৰিয়তে মূলত: কৃষি গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ দিশত যুটীয়াভাৱে আগবঢ়াৰ পৰিকল্পনা কৰা হৈছে । তদুপৰি এই চুক্তিৰ জৰিয়তে দুয়োটা অনুষ্ঠান যুটীয়াভাৱে পেটেণ্ট লাভ, প্ৰশিক্ষণ কাৰ্যসূচী আৰু নিয়োজনৰ দিশতো সহায়ক হ’ব । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সভাগৃহত আয়োজিত এই অনুষ্ঠানত ইনভেষ্ট ইণ্ডিয়াৰ হৈ ড৹ গীতিমা দাস কৃষ্ণৰ লগতে ধানুকাৰ কেইবাজনো বিষয়া আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক তপন কুমাৰ গোহাঁইৰ লগতে কেইবাজনো বিভাগীয় মুৰব্বী, সহযোগী সঞ্চালক আৰু গৱেষক বিজ্ঞানী উপস্থিত থাকে ।

উল্লেখ্য যে, যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয় বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সুনাম থকা এখন বিশ্ববিদ্যালয় আৰু উক্ত বিশ্ববিদ্যালয়খনে বিভিন্ন গৱেষণাৰ জৰিয়তে কৃষক সমাজ আৰু অসমৰ অৰ্থনীতি বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ বিশেষকৈ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত বিশ্ববিদ্যালয়খনৰ অৱদান উল্লেখনীয় । লগতে বিশ্ববিদ্যালয়খনৰ বিজ্ঞানীসকলে প্ৰতিকূল বতৰতো কৰিব পৰা বিভিন্ন উন্নত জাত ধানৰ বীজ কৃষক সমাজৰ মাজলৈ উলিয়াই দিছে, ফলত আজিৰ সময়ত কৃষি বিশ্ববিদ্যালয়খন কৃষক সমাজৰ বন্ধু হিচাপে সৰ্বপৰিচিত হৈ পৰিছে ৷

ইয়াৰ লগতে বিশ্ব বিখ্যাত চাহৰ ক্ষেত্ৰত গৱেষণা কৰি ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসম কৃষি বিশ্ববিদ্যালয়ে । অসমৰ অৰ্থনৈতিক ছবিখন অধিক শক্তিশালী কৰি তুলিবলৈ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে কেইবাখনো বুজাবুজি চুক্তিত উপনীত হৈছে অসম কৃষি বিশ্ববিদ্যালয় ।

লগতে পঢ়ক :AAU: অসম কৃষি বিশ্ববিদ্যালয়ত চাহ কৃষিকৰ্মৰ উত্তৰণ আৰু গৱেষণাৰ দিশত বিশেষ পৰ্যালোচনা

Assam Agricultural University:ফিলিপাইনছলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ ১০ জনীয়া শিক্ষাৰ্থীৰ দল

ABOUT THE AUTHOR

...view details