যোৰহাট, 24 মে’:আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন ! এই আপ্তবাক্যশাৰীক কলংকিত কৰিলে এটা কুলাংগাৰ পুত্ৰই (Attempt to murder case) ৷ নিজ পত্নীক একো কৰিব নোৱাৰি মাতৃক প্ৰহাৰ কৰিলে পুত্ৰই (Son and daughter in law attack Mother) ৷ দেৰগাঁৱৰ জেলেহুৱা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ পুত্ৰ আৰু বোৱাৰীৰ আক্ৰমণত জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী বৃদ্ধাই ৷
প্ৰাপ্ত তথ্য অনুসৰি ঘৰখনত দীৰ্ঘ দিনৰ পৰা চলি থকা ঘৰুৱা কন্দলৰ পৰিণতিত এই ভয়ংকৰ ঘটনা সংঘটিত হয় (Attempt to murder case in Jorhat) । বুধবাৰে পুৱাই শাহু বোৱাৰীৰ মাজত প্ৰথম অৱস্থাত তৰ্কা-তৰ্কি আৰম্ভ হয় । পৰৱৰ্তী সময়লৈ এই সাধাৰণ তৰ্কা-তৰ্কিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ অভিযুক্ত পুত্ৰ আৰু বোৱাৰীৰ ভাষ্য অনুসৰি প্ৰথম অৱস্থাত বোৱাৰীয়েকে শাহুৱেকক আক্ৰমণ কৰে (Old woman attack in Jorhat) ৷ তাৰ পিচত পুত্ৰ লাতু কলিতা আৰু বোৱাৰী ৰূপালী কলিতাই দুয়ো মিলি লাঠিৰে প্ৰহাৰ কৰে বৃদ্ধা মাতৃ পুতলী কলিতাক । পুত্ৰ বোৱাৰীৰ আক্ৰমণত ধৰাশায়ী হৈ পৰে বৃদ্ধা মাতৃগৰাকী ।
ইয়াৰ পিচতে হুলস্থুল শুনি ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ বৃদ্ধাগৰাকীক মুমূৰ্ষু অৱস্থাত যোৰহাট মেডিকেল কলেজলৈ লৈ যায় ৷ কিন্তু বৃদ্ধাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যায় ৷