যোৰহাট, 20 ফেব্ৰুৱাৰী : 2021 ৰ নিৰ্বাচনৰ প্ৰাকমুহুৰ্ততেই ৰাজ্যত ন পুৰনি দলৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ৷ শনিবাৰে যোৰহাটত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্টিত হয় ৷ এই অনুষ্ঠানত সাত শতাধিক ব্যক্তিয়ে ৰাইজৰ দলত যোগদান কৰে ৷
যোৰহাটত সাত শতাধিক ব্যক্তিয়ে যোগদান কৰিলে ৰাইজৰ দলত - চিনামৰা জাতীয় বিদ্যালয়
যোৰহাটত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী ৷ সাত শতাধিক ব্যক্তিয়ে যোগদান কৰে ৰাইজৰ দলত ৷ যোৰহাটৰ ডায়েমণ্ড ক্লাব আৰু চিনামৰা জাতীয় বিদ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয় ৰাইজৰ দলৰ কাৰ্যসূচী ৷

যোৰহাটত সাত শতাধিক ব্যক্তিয়ে যোগদান কৰিলে ৰাইজৰ দলত
যোৰহাটত সাত শতাধিক ব্যক্তিয়ে যোগদান কৰিলে ৰাইজৰ দলত
বৰ্তমান নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইটো দল এৰি সিটো দলত যোগদান কৰাতো এক স্বাভাৱিক কাৰ্যসূচীত পৰিণত হৈছে ৷ শনিবাৰে যোৰহাটৰ ডায়েমণ্ড ক্লাব আৰু চিনামৰা জাতীয় বিদ্যালয়ৰ সন্মুখত অনুষ্ঠিত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচীত প্ৰায় সাত শতাধিক ব্যক্তিয়ে অন্য দল ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰে ৷ যোগাদান কাৰ্যসূচীত ৰাইজৰ দলৰ জিলা সভাপতি দিব্যজ্যোতি শৰ্মা সহ জিলা পৰ্য্যায়ৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷
লগতে পঢ়ক:আৰক্ষীৰ বাধাৰ বাবে অনুষ্ঠিত নহ’ল পৰেশ বৰুৱাৰ সংবাদমেল