যোৰহাট, 26 ফেব্ৰুৱাৰীঃ বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ মণিৰাম দেৱানৰ ১৬২ সংখ্যক মৃত্যু তিথি ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথমগৰাকী শ্বহীদ আছিল মণিৰাম দেৱান ৷ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগত 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচী কাঠত উলমিব লগা হৈছিল এই গৰাকী সিংহ পুৰুষে ৷
মণিৰাম দেৱানৰ মৃত্যু তিথি উপলক্ষে বুধবাৰে যোৰহাটৰ চিনামৰাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যোৰহাটৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান "দিশ"ৰ সদস্য সকলে । ধূপ, বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণেৰে "দিশে" স্মৰণ কৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এই গৰাকী মহান শ্বহীদ জনক ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সংগঠনটোক সহযোগ কৰে চিনামৰা চাহ বাগিচাৰ লোক সকলে ৷