অসম

assam

ETV Bharat / state

যোৰহাটত ঢোলৰ যাদুকৰ, ঢোলৰ সম্ৰাট মঘাই ওজা দিৱস - ঢোলৰ সম্ৰাট মঘাই ওজাৰ মৃত্যু তিথি

আজি ঢোলৰ সম্ৰাট মঘাই ওজাৰ মৃত্যু তিথি । ৰাজ্যজুৰি স্মৰণ ঢোলৰ যাদুকৰজনক (Moghai ojha diwas observes) । AJYCP ৰ উদ্যোগত যোৰহাট থানা তিনিআলিস্থিত মঘাই ওজাৰ আৱক্ষ মূৰ্ত্তিত মাল্য়াৰ্পনৰ লগতে বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধা জ্ঞাপন ঢোলৰ সম্ৰাটলৈ ।

moghai ojah awared program at jorhatmoghai ojah awared program at jorhat
যোৰহাটত ঢোলৰ যাদুকৰ,ঢোলৰ সম্ৰাট মঘাই ওজা দিৱস

By

Published : Mar 15, 2022, 5:35 PM IST

যোৰহাট,১৫ মাৰ্চ:আজি ঢোলৰ যাদুকৰ মঘাই ওজা দিৱস । ৰাজ্যজুৰি স্মৰণ গণশিল্পীগৰাকীক । যোৰহাটতো মঘাই ওজা দিৱস উপলক্ষে AJYCPৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ(Moghai ojha diwas observes in Jorhat) । বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধা জ্ঞাপন ঢোলৰ যাদুকৰলৈ ।

সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাট থানা তিনি আলিত থকা মঘাই ওজা আৱক্ষ মূৰ্ত্তিত মাল্যাৰ্পন আৰু বিভিন্ন অনুষ্ঠানৰ মাজেৰে তেওঁক শ্ৰদ্ধা জনাই দিনজোৰা কাৰ্যসুচীৰে মঘাই ওজা দিৱস পালণ কৰে । আজি তাৰিখত গণ শিল্পী গৰাকী ৰজাঘৰীয়া পৰা অৱহেলিত হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে যুৱ ছাত্র পৰিষদ সাধাৰণ সম্পাদক পলাশ চাংমাই ।

যোৰহাটত ঢোলৰ যাদুকৰ,ঢোলৰ সম্ৰাট মঘাই ওজা দিৱস

ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঢোলৰ যাদুৰে অসমৰ নাম প্ৰতিষ্ঠা কৰা মঘাই ওজা এক দুৰাৰোগ্য ৰোগত ভোগী ১৯৭৮ চনৰ ১৫ মাৰ্চত ইহলীলা সম্বৰণ কৰিছিল । বিশিষ্ট ঢুলীয়া সোমনাথ বৰা ওজাক এইবাৰ প্ৰদান কৰা হব মঘাই ওজা বঁটা ।

লগতে পঢ়ক:অখিল গগৈৰ মতে নচলে সদন : বিশ্বজিৎ দৈমাৰী

ABOUT THE AUTHOR

...view details