অসম

assam

By

Published : May 2, 2023, 4:21 PM IST

ETV Bharat / state

Mobile farmer shops at Jorhat: যোৰহাটৰ বিভিন্ন স্থানত শীঘ্ৰেই মুকলি হ’ব ভ্ৰাম্যমাণ কৃষকৰ দোকান

যোৰহাটৰ বিভিন্ন অঞ্চলত মুকলি কৰা হ’ব ভ্ৰাম্যমাণ কৃষকৰ দোকান ৷ প্ৰাকৃতিক তথা জৈৱিকভাৱে উৎপাদিত শাক-পাচলি উপলব্ধ হ’ব এই ভ্ৰাম্যমাণ কৃষকৰ দোকানত ৷ নাবাৰ্ডৰ সহযোগত, যোৰহাটৰ বিভিন্ন অঞ্চলত মুকলি কৰা হ’ব এই ভ্ৰাম্যমাণ কৃষকৰ দোকান সমূহ (Mobile farmer shops at Jorhat) ৷

Mobile farmer shops at Jorhat
জৈৱিকভাৱে উৎপাদিত শাক-পাচলি উপলব্ধ হ’ব ভ্ৰাম্যমাণ কৃষকৰ দোকানত

ভ্ৰাম্যমাণ কৃষকৰ দোকান

যোৰহাট, 2 মে’: এতিয়াৰ পৰা যোৰহাটবাসী ৰাইজে ঔষধি গুণযুক্ত আৰু জৈৱিক খাদ্যৰ বাবে হাহাকাৰ কৰিব নালাগে ৷ যোৰহাটত নগৰবাসীৰ সুবিধাৰ্থে শীঘ্ৰেই মুকলি হ’ব ভ্ৰাম্যমাণ কৃষকৰ দোকান ৷ যোৰহাটৰ বিভিন্ন অঞ্চলত মুকলি কৰা হ’ব এই ভ্ৰাম্যমাণ কৃষকৰ দোকান ৷ প্ৰাকৃতিক তথা জৈৱিকভাৱে উৎপাদিত শাক-পাচলি উপলব্ধ হ’ব এই ভ্ৰাম্যমাণ কৃষকৰ দোকানত ৷ নাবাৰ্ডৰ সহযোগত, যোৰহাটৰ বিভিন্ন অঞ্চলতমুকলি কৰা হ’ব এই ভ্ৰাম্যমাণ কৃষকৰ দোকান সমূহ (Mobile farmer shops at Jorhat) ৷

ভ্ৰাম্যমাণ কৃষকৰ দোকানত প্ৰাকৃতিকভাৱে উৎপাদিত শাক-পাচলিয়ে স্থান পাব ৷ এই কৃষকৰ দোকানত ঔষধি গুণযুক্ত ঢেকীয়া, ঔ-টেঙা, ভেদাইলতা, মানিমুনি আদি বিশেষ ভাৱে উপলব্ধ হ’ব ৷ ফলত জৈৱিক আৰু প্ৰাকৃতিকভাৱে উৎপাদিত সুস্বাদু শাক-পাচলিৰ সোৱাদ ল'ব পাৰিব যোৰহাট নগৰবাসীয়ে (Mobile farmer shops will soon be introduced) ৷

উত্তৰ পশ্চিম যোৰহাট কৃষক উৎপাদক কোম্পানী (North West Jorhat Farmers Producer Company) ৰ উদ্যোগত, উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ অন্তৰ্গত কৃষক সকলৰ উৎপাদন বৃদ্ধি আৰু অৰ্থনৈতিক উন্নয়নৰ কাৰণে, অসম কৃষি বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (NABARD)ৰ সহযোগত কৃষক সকলৰ বিভিন্ন ধৰণৰ উন্নয়নমুখী তথা স্ব-নিৰ্ভৰশীল হোৱাৰ বাবে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে (Mobile farmer shops Introduce in Jorhat city area) ৷

যোৰহাট চহৰৰ বিভিন্ন অঞ্চলত মুকলি কৰা হ’ব প্ৰাকৃতিক আৰু জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰে পৰিপূৰ্ণ হৈ থকা এই ভ্ৰাম্যমাণ কৃষকৰ দোকান ৷ উল্লেখ্য যে, প্ৰায় ৩৩০ জন কৃষকৰে গঠিত উত্তৰ পশ্চিম যোৰহাট কৃষক উৎপাদক কোম্পানী লিমিটেড নামেৰে এক কোম্পানী শুভাৰম্ভ কৰি নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিছে উত্তৰ পশ্চিম যোৰহাটৰ কৃষকসকলে ৷

সোমবাৰে যোৰহাটৰ এলেংমৰা খুটিয়াপুটাত অনুষ্ঠিত হোৱা বিশেষ সভাত এই কোম্পানী আৰু ভ্ৰাম্যমাণ কৃষকৰ দোকান মুকলি কৰে নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক নবীন ধিঙৰাই ৷এই অনুষ্ঠানতেই কৃষক সকল উপকৃত হ'ব পৰাকৈ সেউজ ভূমি নামৰ এটা ৱেবচাইটো মুকলি কৰা হয় ৷

লগতে পঢ়ক: Foundation stone of road construction : একেদিনাই বৰক্ষেত্ৰীত 4 টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন বিধায়ক দিগন্ত বৰ্মণৰ

ABOUT THE AUTHOR

...view details