টীয়ক, 3 আগষ্ট:সোমবাৰে টীয়ক সমষ্টিৰ অন্তৰ্গত চিন্তামণিগড়ৰ বানবিধস্ত জেলেঙীটোপ অঞ্চলৰ প্ৰায় ৪৫০ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে,মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ বানবিধ্বস্ত অঞ্চলৰ পৰাই সংবাদ মাধ্যমযোগে বিধায়ক গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে,শাসনাধীন চৰকাৰ খনক ৷ অসমৰ সাম্প্ৰতিক সকলো ধৰণৰ সমস্যা সমাধানতে অসম চৰকাৰ বিফল হৈছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ লগতে বিগত প্ৰায় 15-20 বছৰে চতিয়া সমষ্টিৰ বিধায়ক হৈ থকা পদ্ম হাজৰিকাই আজিলৈ সমষ্টিটোৰ কোনো সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা নাই বুলি কয় তেওঁ ৷ বহু বিদেশী নাগকৰিকক সমষ্টিটোৰ পৰা উলিয়াই দিয়াত বিধায়ক গৰাকী বিফল হৈছে বুলিও উল্লেখ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷
বিধায়ক পদ্ম হাজৰিকাক সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ - mla rupjyoti kurmi
সোমবাৰে বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ সাহায্য বিতৰণস্থলীৰ পৰাই বিধায়ক পদ্ম হাজৰিকা আৰু শাসনাধীন চৰকাৰখনৰ বিৰুদ্ধে সমালোচনামূলক মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে ৷
আনহাতে কৰ'ণাৰ ক্ষেত্ৰত পজিটিভ-নিগটিভৰ খেল খেলি বিজেপি চৰকাৰে আগন্তুক নিৰ্বাচনৰ দেওনা পাৰ কৰিব বিচাৰিছে বুলি উল্লেখ কৰে তেওঁ ৷ উন্নয়নৰ নামত অহা টকাবোৰ চৰকাৰে কি কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে মৰিয়নীৰ বিধায়ক গৰাকীয়ে ৷ কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতাৰ লগতে স্থানীয় ৰাইজৰ সহযোগত সোমবাৰে বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ বানাক্ৰান্ত সকলৰ মাজত সাহায্য বিতৰণ কৰি বিধায়ক গৰাকীয়ে যথেষ্ট সুখ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমযোগে ৷
লগতে পঢ়ক:খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰক: পাৰ্থপ্ৰতিম বৰা