মৰিয়নী,1 এপ্ৰিলঃৰাজ্যজুৰি কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে চিকিৎসাকৰ্মী আৰু আৰক্ষী প্ৰশাসনে যি তড়িৎ গতিত নিজ কৰ্মত ব্ৰতী হৈছে তাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । বুধবাৰে মৰিয়নী চৰকাৰী চিকিৎসালয়ত বিধায়ক কুৰ্মী উপস্থিত হৈ চিকিৎসাকৰ্মী সকলৰ সন্মুখত আঠুকাঢ়ি কৃতজ্ঞতা স্বীকাৰ কৰে । লগতে বিগত সময়ছোৱাত চিকিৎসাকৰ্মী আৰু আৰক্ষী প্ৰশাসনে এই মহামাৰীৰ প্ৰতিৰোধৰ বাবে যুঁজ দিবলৈ গৈ জনসাধাৰণৰ পৰা নানা তিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ সেয়ে মনোবল বৃদ্ধিৰ বাবে বিধায়কগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰে ৷
চিকিৎসাকৰ্মীৰ সন্মুখত আঠু ল'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ! - মৰিয়নীৰ বিধায়ক
অসমত কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ কথা পোহৰলৈ অহাৰ পিছত দুগুণে তৎপৰ হৈছে ৰাজ্যৰ জৰুৰীকালীন সেৱাত ব্ৰতী লোকসকল ৷ সেয়ে চিকিৎসাকৰ্মী আৰু আৰক্ষী প্ৰশাসনৰ মনোবল বৃদ্ধিৰ বাবে বুধবাৰে আঁঠুকাঢ়ি সেৱা লয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ব্যতিক্ৰমী পদক্ষেপ