অসম

assam

ETV Bharat / state

SI কাণ্ড সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া - rupjyoti kurmi

CAA আন্দোলনৰ অন্যতম শ্বহীদ ৰাজেন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ SI কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ কেলেংকাৰী সমূহৰ লগত জড়িত থকা সকলো লোককে কাৰাগাৰত ভৰাওক তেতিয়াহে আমি শূন্য সহনশীলতাৰ কথা ক'ব পাৰিম বুলি সংবাদ মাধ্যমযোগে মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

SI কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া
SI কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া

By

Published : Oct 4, 2020, 4:53 PM IST

টীয়ক, 4 অক্টোবৰ:দেওবাৰে টীয়কৰ বনাইত CAA আন্দোলনৰ অন্যতম শ্বহীদ ৰাজেন বৰুৱাৰ বাসগৃহত উপস্থিত হয় মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ শ্বহীদ গৰাকীৰ পৰিয়ালৰ খবৰ লোৱাৰ লগতে সংবাদ মাধ্যমযোগে SI কাণ্ডৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক গৰাকীয়ে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰোক্ষভাৱে আক্ৰমণ কৰি বিধায়ক গৰাকীয়ে ভিন্ন মন্তব্য প্ৰদান কৰে ৷ SI কাণ্ডৰ সৈতে বিজেপি দলৰ বহু লোকৰ নাম সাঙুৰ খোৱাৰ পাচত এতিয়া মন্ত্ৰীগৰাকীয়ে SI কাণ্ড কোনো কেলেংকাৰী নহয় বুলি ক'ব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে ৷

SI কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

আনহাতে চৰকাৰে কেৱল নিৰ্বাচনৰ পূৰ্বেহে বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰে, কিন্তু ফলাফল ঘোষণা নকৰে ৷ ৰাইজ বিভ্ৰান্ত কৰি ৰাখিবলৈ এইয়া কেলৱ এক চক্ৰান্ত বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷ আনহাতে SI কাণ্ডৰ অন্যতম অভিযুক্ত দিবন ডেকাৰ দৰে লোকক ফচাই দিলে বিজেপিৰ কোনো ক্ষতি নহয় ৷ তেওঁৰ নামটো এই কাণ্ডৰ লগত সাঙোৰ খাইছে হয়, কিন্তু সেইয়া কেৱল ৰাইজক বিভ্ৰান্ত কৰিবলৈ বুলিও উল্লেখ কৰে তেওঁ ৷

আনহাতে SI কাণ্ডৰ সৈতে এগৰাকী কংগ্ৰেছ নেতাৰ নাম সাঙোৰ খোৱা সন্দৰ্ভত তেওঁ কয়, ইয়াৰ লগত যিসকল জড়িত হৈ আছে সকলোকে জেললৈ প্ৰেৰণ কৰিব লাগে ৷ কিন্তু জেলত কেৱল দৰিকণা, পুঠি কেইটামানহে যোৱা পৰিলক্ষিত হৈছে ৷ ৰৌ, বৰালি, চিতল এইবোৰ কেতিয়াও ফচা নাই ৷ কেলেংকাৰী সমূহৰ লগত জড়িত থকা সকলোকে কাৰাগাৰত ভৰাওক তেতিয়াহে আমি শূন্য সহনশীলতাৰ কথা ক'ব পাৰিম বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক:নাজিৰাৰ 7 টা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details