মৰিয়নী , 10 ডিচেম্বৰ : মৰিয়নী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত শুকুৰবাৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সংবাদ মেল ৷ "মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বান্দৰ, ৰাজনৈতিক গাদীৰ বাবে চৰম পন্থা ল'বলৈ কুণ্ঠাবোধ নকৰে" বুলি সংবাদ মেলত মন্তব্য একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীৰ । যাৰ ফলত বিধায়ক কুৰ্মীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংগ ত্যাগ কৰে বুলি জানিবলৈ দিয়ে । আনহাতে বিধায়ক কুৰ্মীয়ে জনায় যে, 13 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰস্তাৱ দিব বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে । অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হোৱা এই গুৰুত্বপূৰ্ণ অধিবেশনত মন্ত্ৰী বিধায়ক সকলক বিৰোধী মনোবল বৃদ্ধি কৰিবৰ বাবে অসম বাসীক ক'লা কাপোৰ পৰিধান কৰিবৰ আহ্বান জনায় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল - rupjyoti kurmi press met against C(A)A
শুকুৰবাৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নাগৰিকত্ব সংশোধনী আইন, 2019ক লৈ সংবাদমেল ৷ মৰিয়নী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত সংবাদ মেলৰ আয়োজন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে বিধায়ক গৰাকীয়ে ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল