অসম

assam

ETV Bharat / state

যোৰহাটৰ চি এ এ আন্দোলনৰ শ্বহীদৰ ঘৰত উপস্থিত বিধায়ক ৰূপজ্যোতি কুৰ্মী

যোৰহাটৰ টীয়কত বিগত ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন বাতিল আন্দোলনত মৃত্যু হৈছিল টীয়কৰ বনাইৰবি বৰুৱা গাঁৱৰ ৰাজেন বৰুৱাৰ ৷ শনিবাৰে বিয়লি শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ বৰুৱাৰ পৰিয়াললৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দুই লাখ টকাৰ অনুদান ঘোষণা কৰে বিধায়ক গৰাকীয়ে ৷

By

Published : Jan 5, 2020, 3:56 AM IST

চি এ এ আন্দোলন
বিধায়ক ৰূপজ্যোতি কুৰ্মী

টীয়ক,4 জানুৱাৰীঃ যোৰহাটৰ টীয়কত চি এ এ বিৰোধী আন্দোলনৰ শ্বহীদৰ ঘৰত উপস্থিত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । বিগত ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন বাতিল আন্দোলনত মৃত্যু হৈছিল টীয়কৰ বনাইৰবি বৰুৱা গাঁৱৰ ৰাজেন বৰুৱাৰ ৷ শনিবাৰে বিয়লি শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হয় বিধায়ক কুৰ্মী ৷ বিধায়ক গৰাকীয়ে মৃত বৰুৱাৰ পৰিয়ালৰ ওচৰত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে ৷

ইতিমধ্যে যোৰহাট জিলা ছাত্ৰ সন্থাই শ্বহীদ ঘোষণা কৰা বৰুৱাক প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰাও শ্বহীদ ঘোষণা কৰে বিধায়ক কুৰ্মীয়ে ৷ লগতে বৰুৱাৰ পৰিয়াললৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দুই লাখ টকাৰ অনুদান ঘোষণা কৰে ৷ শীঘ্ৰেই প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ আহি উক্ত অনুদানৰ চেকখন আনুষ্ঠানিকভাৱে প্ৰদান কৰিব বুলি কুৰ্মীয়ে ঘোষণা কৰে ।

দুই লাখ টকাৰ অনুদান ঘোষণা

ইয়াৰোপৰি বিজেপি চৰকাৰে চি এ এ আন্দোলন মষিমুৰ কৰিবলৈ এনেধৰণৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে ৷ তদুপৰি সমগ্ৰ ঘটনাটোৰ ন্যায়িক তদন্ত ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ উল্লেখ্য যে,আন্দোলনত প্ৰাণ হেৰুওৱা ৰাজেন বৰুৱাক পূৰ্বে আছুৰ তৰফৰ পৰা শ্বহীদ ঘোষণা কৰা হৈছিল ৷

লগতে চাওকঃমা কামাখ্যা দৰ্শন কৰিলে শিখৰ ধাৱানে

ABOUT THE AUTHOR

...view details