যোৰহাট, 8 এপ্ৰিল :যোৰহাটৰ এ টি পি শ্বিলড অনুষ্ঠিত হৈ আছে ফুটবল প্ৰতিযোগিতা (Football tournament held in Jorhat) ৷ এই প্ৰতিযোগিতাত কোনো দিনে জয়ী হ’ব পৰা নাই মৰিয়নী দলে ৷ কিন্তু শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন খেলত পশ্চিমবংগ দলক পৰাস্ত কৰিৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে মৰিয়নী দলে ৷
প্ৰথমবাৰৰ বাবে মৰিয়নী দলে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ আছে এক বিশেষ কাৰণ ৷ মৰিয়নী দলে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ আঁৰৰ ব্যক্তিজন হৈছে মৰিয়নী সমষ্টি বিধায়ক ৰূপজোতি কুৰ্মী । শনিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা স্বীকাৰ কৰে বিধায়ক কুৰ্মীয়ে (Rupjyoti Kurmi in Jorhat)৷
তেওঁ আৰু কয় যে, বিগত কিছুদিন বিভিন্ন ব্যস্ততাৰ বাবে গুৱাহাটীত থাকিব লগা হৈছিল বিধায়কগৰাকী ৷ যাৰ বাবে বিধায়ক কুৰ্মীয়ে ধাৰাবাহিকভাৱে মৰিয়নী দলৰ কৰ্মকৰ্তাসকল লগত আলোচনা বহিছিল । লগতে খেলুৱৈসকলক খেলৰ টিপচ জানিব কাৰণে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলসমূহ চাবলৈ নিৰ্দেশো প্ৰদান কৰিছিল ৷ বিধায়ক কুৰ্মীয়ে খেলুৱৈসকলক দিয়া খেলৰ বিভিন্ন কৌশলৰ ফলতে মৰিয়নীয়ে অতি শক্তিশালী পশ্চিম বংগ দলক শুকুৰবাৰে নিশা খেলত 1-0 গ’লত পৰাস্ত কৰিবলৈ সক্ষম হয় ।