অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ লাখ টকাৰ অনুদান ৰূপজ্যোতি কুৰ্মীৰ - ৰূপজ্যোতি কুৰ্মী

মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীয়ে সোমবাৰে ধনৰাশি আগবঢ়াই সমাজৰ প্ৰতিগৰাকী লোকক ল'কডাউন মানি চলিবলৈ অনুৰোধ জনায় ।

৫০ লাখ টকাৰ অনুদান ৰূপজ্যোতি কুৰ্মীৰ
৫০ লাখ টকাৰ অনুদান ৰূপজ্যোতি কুৰ্মীৰ

By

Published : Mar 29, 2020, 5:48 PM IST

গুৱাহাটী, ২৯ মাৰ্চঃসাম্প্ৰতিক সময়ছোৱাত কৰ'ণা ভাইৰাছৰ আতংকত সমগ্ৰ ৰাজ্যত চলি থকা লক ডাউনৰ ফলত ৰাজ্যৰ অৰ্থনৈতিক দিশতোত যথেষ্ট প্ৰভাৱ পৰিছে । সেয়ে কৰ'ণাৰ স'তে মোকাবিলা কৰিবলৈ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৫০ লাখ টকা অনুদান আগবঢ়াই । মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীয়ে সোমবাৰে ধনৰাশি আগবঢ়াই সমাজৰ প্ৰতিগৰাকী লোকক ল'কডাউন মানি চলিবলৈ অনুৰোধ জনায় ।

৫০ লাখ টকাৰ অনুদান ৰূপজ্যোতি কুৰ্মীৰ

চৰকাৰৰ অথবা স্বাস্থ্য বিভাগৰ ফালৰ পৰা যি নিৰ্দেশনা আগবঢ়োৱা হৈছে সেয়াও আখৰে আখৰে পালন কৰি নিজৰ লগতে সমাজ আৰু ৰাজ্যখনক ৰক্ষা কৰিবলৈও আহ্বান জনায় বিধায়ক কুৰ্মীয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ লগতে অসম আৰোগ্য নিধিলৈও বিভিন্নজনে বৰঙনি আগবঢ়াইছে ।

৫০ লাখ টকাৰ অনুদান ৰূপজ্যোতি কুৰ্মীৰ

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে ৰিপুণ বৰা আৰু তেওঁৰ পত্নীয়ে

ABOUT THE AUTHOR

...view details