অসম

assam

ETV Bharat / state

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মহানুভৱতা, চিকিৎসালয়ত যোগান ধৰিলে সামগ্ৰী - পি পি কিট

মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পিপিকিট পৰিধান কৰি চিকিৎসা সোৱা আগবঢ়োৱা লোকক জিৰণিৰ বাবে ব্যক্তিগত পুঁজিৰে দুটাকৈ দুটাকৈ কুলাৰ যোগান ধৰে ৷ মৰিয়নী নকচাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত বিধায়কগৰাকীয়ে যোগান ধৰিলে এই কুলাৰ ৷ লগতে, ক'ভিড ৰোগী সকলক সময় অতিবাহিত কৰাৰ বাবে কেৰম,লুডুকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰীৰ যোগান ধৰিলে ৷

MLA RUPJYOTI KURMI DISTRIBUTE KULAR IN HOSPITAL
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মহানুভৱতা, চিকিৎসালয়ত যোগান ধৰিলে সামগ্ৰী

By

Published : Jul 26, 2020, 10:33 PM IST

মৰিয়নী, 26 জুলাই : ক'ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে স্বাস্থ্য বিভাগে সকলো সময়তে সষ্টম হৈ আছে ৷ ৰাজ্যৰ প্ৰতিখন চিকিৎসালয়তে চিকিৎসক তথা স্বাস্থ্য কৰ্মীয়ে পিপিকিট পৰিধান কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে ৷

দেওবাৰে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পিপিকিট পৰিধান কৰি চিকিৎসা সেৱা আগবঢ়োৱা লোকক জিৰণিৰ বাবে ব্যক্তিগত পুঁজিৰে দুটাকৈ দুটাকৈ কুলাৰ যোগান ধৰে ৷ মৰিয়নী নকচাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত বিধায়কগৰাকীয়ে যোগান ধৰিলে এই কুলাৰ ৷ লগতে,ক'ভিড ৰোগীসকলক সময় অতিবাহিত কৰাৰ বাবে কেৰম,লুডুকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰীৰ যোগান ধৰিলে ৷

জানিব পৰা মতে,এই চিকিৎসালয়খনত ক'ভিড আক্ৰান্ত লোকসকলক চিকিৎসা প্ৰদান কৰি অহা চিকিৎসকসকলে উৎকট গৰমকো নেওচি পিপিকিট পৰিধান কৰি নিতৌ আঠ ঘণ্টাৰো অধিক সময় ৰোগীসকলৰ লগত কটাব লগাত পৰে । পিপিকিট পৰিধান কৰা চিকিৎসকসকলে গৰমৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হৈ আহিছে । বিশেষকৈ এই চিকিৎসালয়খনত চিকিৎসকসকলৰ জিৰণি কোঠাত নাই কোনো ধৰণৰ শীতলীকৰণৰ ব্যৱস্থা যাৰ ফলত গৰমত চিকিৎসক সকলৰ অৱস্থা তথৈবচ হয় ।

চিকিৎসকসকলৰ এই দুৰৱস্থা কিছু পৰিমানে লাঘৱ কৰিবৰ বাবে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ গাঁঠিৰ ধনেৰে দুটা কুলাৰ লগাই চিকিৎসকসকলক কিছু পৰিমানে সকাহ প্ৰদান কৰে । এই চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্ত ব্যক্তিসকলৰ মনোবল বৃদ্ধিৰ বাবে বিধায়কগৰাকীয়ে 5 খন লুডু আৰু 2 খন কেৰেমবৰ্ডৰো যোগান ধৰে ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মহানুভৱতা, চিকিৎসালয়ত যোগান ধৰিলে সামগ্ৰী

অন্যহাতে,ৰাজ্য চৰকাৰৰ বিভাগীয় কর্তৃপক্ষই এই চিকিৎসালয়খন ক'ভিড চেন্টাৰ হিচাপে ঘোষণা কৰিয়েই নিজৰ দায়িত্ব সামৰি ইয়াত নিয়োজিত চিকিৎসাকৰ্মী আৰু ৰোগীসকলক সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি বিধায়ক কুৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :কাৰ আশীৰ্বাদত নথি-পত্ৰ নোহোৱাকৈ কৰিমগঞ্জ চহৰৰ মাজেৰে পাৰ হৈ যায় শিল ভৰ্তি ট্ৰাক !

For All Latest Updates

ABOUT THE AUTHOR

...view details