মৰিয়নী, 21 অক্টোবৰ: ক'ৰ পৰা বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ এইকথা নিজেই প্ৰকাশ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিয়নী সমষ্টিটো দুৰ্গোৎসৱক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ।
মহাষষ্ঠীৰ দুপৰ নিশা মৰিয়নীৰ কেনেডি পাৰ্ক সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত উপস্থিত হয় মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । তাৰ পিছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কেনেডি পাৰ্ক সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপ উদ্ধোধন কৰে আৰু মাৰ চৰণত আশীষ গ্ৰহণ কৰে । আনহাতে, ষষ্ঠীৰ দিনা পূজাস্থলীত উপস্থিত থাকি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চান্দা সংস্কৃতি নাইকিয়া কৰিবৰ বাবে গ্ৰহণ কৰা পদক্ষেপক শলাগ লয় ৷
কুৰ্মীয়ে কয়, "দুৰ্গা পূজা আয়োজনক লৈ একাংশই চান্দা সংস্কৃতিৰ আশ্ৰয় লয় আৰু এই চান্দা সংস্কৃতি নাইকিয়া কৰিবৰ বাবে প্ৰত্যেকখন পূজা সমিতিক এককালীন সাহাৰ্য হিচাপে দহ হাজাৰ টকাকৈ অনুদান দিয়াৰ বাবে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।"