টীয়ক,19 মে': মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কেবিনেট মন্ত্ৰী সকলে জিলাই জিলাই ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ সময়তে বুধবাৰে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই নিজ সমষ্টিৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷ টীয়কৰ ফাৰ্ষ্ট ৰেফাৰেল ইউনিট(FRU), ভগামুখ আৰ্দশ চিকিৎসালয়, কাকজান বাগান চিকিৎসালয়ত চিকিৎসক সকলৰ সৈতে ক'ভিড মহামাৰী সংক্ৰমণ ৰোধ সম্পৰ্কত আলোচনাত মিলিত হোৱাৰ লগতে চিকিৎসালয়খনৰ সমস্যাসমূহৰ ওপৰতো আলোচনা কৰে বিধায়িকাগৰাকীয়ে।
ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই - টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা
বুধবাৰে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই নিজ সমষ্টিৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লয় ৷ টীয়কৰ ফাৰ্ষ্ট ৰেফাৰেল ইউনিট, ভগামুখ আৰ্দশ চিকিৎসালয়, কাকজান বাগান চিকিৎসালয়ত চিকিৎসক সকলৰ সৈতে ক'ভিড মহামাৰী সংক্ৰমণ ৰোধ সম্পৰ্কত আলোচনাত মিলিত হয় বিধায়িকাগৰাকী ৷
ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই
চিকিৎসালয় সমূহৰ চিকিৎসকৰ সমস্যা সমাধানৰ লগতে আন্তঃগাঠনি মেৰামতি সন্দৰ্ভত কৰা আলোচনাৰ অন্তত বিধায়িকাগৰাকীয়ে চিকিৎসালয়খনৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। বিধায়িকাগৰাকীৰ লগতে টীয়ক সমষ্টিৰ অসম গণ পৰিষদৰ সভাপতি বিকাশ শইকীয়াইয়ো এই আলোচনাত অংশগ্ৰহণ কৰি ক'ভিড পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সকলোকে আহ্বান জনায়।