টীয়ক, 10 জুলাইঃশুকুৰবাৰে কৃষকনেতা অখিল গগৈৰ গৃহত উপস্থিত হয় ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ৷ যোৰহাটৰ লুখুৰাসন গাঁওস্থিত কৃষক নেতা গৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ অসুস্থ বৃদ্ধা মাতৃৰ স্বাস্থ্যৰ বুজ লয় বিধায়ক গৰাকীয়ে ৷ এগৰাকী মাতৃৰ সন্তান হিচাপে কৃষক নেতা গৰাকীৰ মাতৃৰ বৰ্তমান স্থিতি সহ্য কৰিব নোৱাৰি বিধায়ক গৰাকীয়ে অখিল গগৈৰ গৃহত উপস্থিত হয় বুলি জানিবলৈ দিয়ে ৷ বিধায়ক গৰাকীয়ে উল্লেখ কৰা অনুসৰি, পিতৃৰ চিন্তাত সম্প্ৰতি অধিক অৱনতি ঘটিছে কৃষক নেতা গৰাকীৰ মাতৃৰ স্বাস্থ্য ৷
অখিল গগৈৰ মাতৃৰ স্বাস্থ্য়ৰ বুজ ল'লে বিধায়ক নুৰুল হুদাই
শুকুৰবাৰে যোৰহাটৰ লুখুৰাসন গাঁওস্থিত কৃষক নেতা অখিল গগৈৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ মাতৃৰ স্বাস্থ্য সম্পৰ্কে বুজ লয় ৰূপহীহাটৰ সমষ্টিৰ বিধায়ক নুৰুল হুদাই ৷
মাতৃৰ মনৰ বেদনা বুজি যাতে কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুকলি কৰি দিয়া হয়, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণৱালক তেওঁ অনুৰোধ জনায় ৷ লগতে কংগ্ৰেছ দলৰ পৰা উচ্চতম ন্যায়লয়ত অধিবক্তা মোতায়েন কৰি ইয়াৰ বিহীত ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে বিধায়ক নুৰুল হুদাই ৷ ইয়াৰোপৰি বিধায়ক গৰাকীয়ে, কাৰাগাৰত কেনেদৰে কৰ'ণা মহামাৰীৰ সংক্ৰমণ হ'বলৈ পালে সেই বিষয়ে আশ্বৰ্য প্ৰকাশ কৰে ৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ সময়ৰ পৰাই ভিন্ন অভিযোগত অখিল গগৈ, বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আদিকে ধৰি কেইবাগৰাকীও লোকক কাৰাবন্দী কৰি ৰখা হৈছে ৷
লগতে পঢ়কঃৰাইজৰ গাঠিৰ ধনেৰে পুঠিমাৰী নৈক বাধা দিয়াৰ চেষ্টা গোৰেশ্বৰত