অসম

assam

MLA Mrinal Saikia: পুনৰ কৃষি বিভাগৰ ব্যৰ্থতা দাঙি ধৰি টুইট কৰিলে বিধায়ক মৃণাল শইকীয়াই

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 7:14 PM IST

বিধায়ক মৃণাল শইকীয়াই পুনৰ টুইট কৰিলে নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে ৷ এইবাৰৰ কৃষি বিভাগৰ বিৰুদ্ধে টুইট বিধায়কগৰাকীৰ ৷

MLA Mrinal Saikia
কৃষি বিভাগৰ ব্যৰ্থতা দাঙি ধৰি টুইট কৰিলে বিধায়ক মৃণাল শইকীয়াই

কৃষি বিভাগৰ ব্যৰ্থতা দাঙি ধৰি টুইট কৰিলে বিধায়ক মৃণাল শইকীয়াই

যোৰহাট, 28 অক্টোবৰ : খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই পুনৰ টুইট কৰিলে নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে ৷ ৰাজ্যৰ বিয়াগোম কৃষি বিভাগ যে বহু কৃষকৰ কাষ চাপিব পৰা নাই সেই কথাকেই যেন ক’বলৈ বিচাৰিলে বিধায়কগৰাকীয়ে ৷ অৱশ্য এইবাৰৰ টুইটে লাভান্বিত কৰিলে সাধাৰণ ৰাইজক ৷

উল্লেখ্য যে, ৰাজ্যত এক বিয়াগোম কৃষি বিভাগ থকাৰ পাচতো বিলাই বিপত্তিৰ অন্ত নাই দৰিদ্ৰ কৃষক ৰাইজৰ ৷ পৰ্যাপ্ত পৰিমানৰ বীজ যোগান নিদিয়া আৰু কৃষি বিভাগৰ অসহযোগিতাৰ বাবে আৰু বিভিন্ন সুবিধাৰ অভাৱত বিঘাই বিঘাই বীজ ৰোপনৰ বাবে সাজু কৰি থোৱা মাটি চন পৰি ৰৈছে খুমটাই সমষ্টিৰ অন্তৰ্গত দেৰগাঁও পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অধীনস্থ মামৰনি গাঁও ।

গাঁওখনৰ অধিকাংশ লোকেই কৃষিৰ ওপৰতেই নিৰ্ভৰশীল ৷ সমান্তৰালভাৱে লোকসকলৰ আৰ্থিক অৱস্থাও তথৈবচ । নিজে বীজ ক্ৰয় কৰি খেতি কৰিবলৈ অসমৰ্থ এইসকললোক । ইতিমধ্যেই আলুখেতিৰ বাবে বিঘাই বিঘাই মাটি সাজু কৰিছিল লোকসকলে । আশা কৰিছিল কৃষিবিভাগে বীজ যোগান ধৰিব । কিন্তু সেই আশাত এতিয়া চেচাঁপানী পৰাৰ উপক্ৰম হৈছে । এতিয়াও সেইসকল লোকে লাভ কৰা নাই কৃষিবিভাগৰ পৰা কোনোধৰনৰ বীজ ৷ যাৰ ফলশ্ৰুতিত এতিয়া ক্ষোভিত হৈ পৰিছে দৰিদ্ৰ কৃষিজীৱী তথা মামৰনি গাঁৱৰ কৃষক ৰাইজ ।

অন্যহাতে ৰাজ্যৰ বিয়াগোম কৃষি বিভাগে খেতিয়কক কোনোধৰণৰ সহযোগিতা নকৰা আৰু সময়ত বীজ যোগান নধৰাত ক্ষোভিত হৈ পৰে বিধায়ক মৃণাল শইকীয়া । কৃষি বিভাগ ওপৰত ক্ষোভ উজাৰি এগৰাকী মহিলা কৃষকৰ ফটোক অগ্ৰাধিকাৰ দি বিধায়কগৰাকীয়ে টুইট কৰা পৰিলক্ষিত হ'ল । আনহাতে বিধায়ক শইকীয়াৰ উক্ত টুইটৰ পাচতে মন্ত্ৰী অতুল বৰাই ৰিটুইটযোগে বিধায়কগৰাকীক ধন্যবাদ জনায় আৰু বীজৰ পৰা বঞ্চিত মহিলাগৰাকীক বীজ প্ৰদানৰ ব্যৱস্থা লয় ৷

লগতে পঢ়ক:Onion price hike : উৎসৱৰ বতৰত পিয়াঁজৰ মূল্যই মাৰিব চেঞ্চুৰী !

ABOUT THE AUTHOR

...view details