মৰাণ,3নৱেম্বৰ: মৰাণ সমষ্টিৰ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ অনুদানৰ ১০ লাখ টকাৰে নিৰ্মীত মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ গৃহটো মংগলবাৰে উদ্বোধন কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ উদ্বোধন অনুষ্ঠানত মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা, পৰিচালনা সমিতিৰ সদস্য সকল, শিক্ষকবৃন্দ আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ।
দহ লাখ টকাৰ ব্যয়ৰে মৰাণ বাণিজ্য মহাবিদ্যালয়ত গৃহ নিৰ্মাণ - মৰাণ বাণিজ্য মহাবিদ্যালয়
মৰাণ বাণিজ্য মহাবিদ্যালয়ত উদ্বোধন দহ লাখ টকাৰ ব্যয়েৰে নিৰ্মিত এটা পকী গৃহ ৷ গৃহটো উদ্বোধন কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷
![দহ লাখ টকাৰ ব্যয়ৰে মৰাণ বাণিজ্য মহাবিদ্যালয়ত গৃহ নিৰ্মাণ Moran_MLA Chakradhar Gogoi inagurated Classrooms of Moran commerce college](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9419179-773-9419179-1604411586467.jpg)
উল্লেখ্য যে, উজনি অসমৰ এখন উল্লেখনীয় বাণিজ্য মহাবিদ্যালয় হ'ল মৰাণৰ মৰাণ বাণিজ্য মহাবিদ্যালয় । মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাত মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে পৰিচালনা সমিতিয়ে স্থানীয় বিধায়কক অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ বাবে অনুৰোধ কৰিছিল। মহাবিদ্যালয় কৰ্তৃপক্ষৰ আবেদনৰ পাছতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে অতিৰিক্ত শ্ৰেণী কোঠাৰ বাবে ১০ লাখ টকা আগবঢ়াইছিল । উক্ত অনুদানৰ সঠিক ব্যৱহাৰ কৰি মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্মাণ কৰি উলিয়াইছে এই গৃহটো ৷
অন্য এক খবৰৰ বাবে: আদালতত হাজিৰ JEE কেলেংকাৰীৰ অপৰাধীক