অসম

assam

ETV Bharat / state

"কণ্যকা" কৃষি পাম পৰিদৰ্শন শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ

"কণ্যকা" পৰিদৰ্শন কৰি ইয়াত উৎপাদিত শাকপাচলি খেতি দেখি অভিভূত হৈ পৰাৰ লগতে বিধায়ক পদ্ম হাজৰিকাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়ক বলীন চেতিয়া ৷

By

Published : May 21, 2020, 8:39 PM IST

Updated : May 21, 2020, 8:48 PM IST

MLA Bolin Chetia at Kanyaka agricultural farm
"কণ্যকা" কৃষি পাম পৰিদৰ্শন দিয়াৰ বিধায়ক বলীন চেতিয়াৰ

চতিয়া, 21 মে': কৰ'ণা মহামাৰীৰ বাবে দেশ তথা জাতিৰ সংকটপূৰ্ণ সময়ত বিশেষভাৱে চৰ্চালৈ অহা বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা "কণ্যকা" কৃষি পামত উপস্থিত শদিয়াৰ বিধায়ক বলীন চেতিয়া ৷ ইয়াৰ পাছতে দুঘন্টাৰো অধিক সময় ধৰি "কণ্যকা" পৰিদৰ্শন কৰি ইয়াত উৎপাদিত শাকপাচলি খেতি দেখি অভিভূত হৈ পৰাৰ লগতে বিধায়ক পদ্ম হাজৰিকাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়ক বলীন চেতিয়া ৷ শদিয়াটো এনেদৰে এখন কৃষি পাম গঢ়ি তোলাৰ উদ্দেশ্যেৰে এই পাম পৰিদৰ্শন কৰিবলৈ অহা বুলি জনাই শদিয়াৰ বিধায়ক বলীন চেতিয়াই ৷

"কণ্যকা" কৃষি পাম পৰিদৰ্শন দিয়াৰ বিধায়ক বলীন চেতিয়াৰ

চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাতিচৰত প্ৰায় দুইহাজাৰৰো অধিক কৃষি ভূমিক সামৰি গঢ়ি তোলা "কণ্যকা" কৃষি পামত থলুৱা ভাৱে উৎপাদিত কৃষিজাত সামগ্ৰী তথা মাছে ইতিমধ্যেই দখল কৰিছে ৰাজ্যৰ বজাৰ ৷ ইয়াক আদৰ্শ হিচাপে লৈ ৰাজ্যৰ অন্য প্ৰান্তটো যাতে এইদৰে কৃষি পাম গঢ়ি তুলি থলুৱা সামগ্ৰী উৎপাদনৰ লগতে নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন বাট মুকলি কৰি দিব পাৰি তাৰ বাবে চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ কৃষি বিভাগে ৷ সেই উদ্দেশ্যেৰে ইয়াৰ কৌশল আয়ত্ব কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়কৰ সোঁত বলিছে জামুগুৰিহাটৰ "কণ্যকা" কৃষি পামলৈ ৷

উল্লেখ্যনীয় যে এক সপ্তাহ পূৰ্বে কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীও উপস্থিত হৈছিল বিধায়ক পদ্ম হাজৰিকাৰ তত্বাৱধানত গঢ় লৈ উঠা "কণ্যকা" কৃষি পামত ৷

লগতে পঢ়কঃদেৰগাঁৱৰ চিকাৰীঘাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Last Updated : May 21, 2020, 8:48 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details