যোৰহাট, 11 আগষ্ট :" ইলেকশ্যন কমিছন অব ইণ্ডিয়া মানে এতিয়া বিজেপি কমিছন অব ইণ্ডিয়া ৷ এতিয়া বিজেপিৰ সংস্থাৰ নিচিনাকৈ কাম কৰে, চৰকাৰৰ এজেণ্টগিৰি কৰে নিৰ্বাচন আয়োগে ৷" এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷ শুকুৰবাৰে তিতাবৰত উপস্থিত হৈ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৷
বিধায়কজনে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত 11 দলীয় মৰ্চাই দিয়া গোচৰত চূড়ান্ত খচৰা প্ৰকাশৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে যদিও স্থগিতাদেশ দিয়া নাছিল, কিন্তু ন্যায়লয়ৰ নিৰ্দেশত স্পষ্ট ভাষাৰে কোৱা হৈছে যে, এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো সংবিধান সন্মতভাৱে হোৱা নাই যেন অনুভৱ কৰা গৈছে ৷ তাৰ পাছত যদি নিৰ্বাচন আয়োগ নিৰপেক্ষ হ’লহেতেন তেতিয়া আয়োগে কেতিয়াও সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা তেতিয়ালৈকে প্ৰকাশ নকৰিলেহেঁতেন যেতিয়ালৈকে ন্যায়ালয়ে এটা চূড়ান্ত ৰায় নিদিয়ে ৷ কিন্তু যিহেতু ইলেকশ্যন কমিছন অব ইণ্ডিয়া মানে এতিয়া বিজেপি কমিছন অব ইণ্ডিয়া, সেয়েহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাখন এনেকৈ প্ৰকাশ কৰিবলৈ লৈছে বুলি কয় নেতাজনে ৷
তেওঁ পুনৰ কয় যে, এইকেইদিন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ গৈ নিৰ্বাচন আয়োগৰ সৈতে কথা পাতি সমষ্টি তেওঁৰ মতে নিৰ্ধাৰণ কৰি আছে ৷ নিৰ্বাচনী আয়োগে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নাই ৷ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে চাৰিজন মানুহে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকা, অশোক সিংহল আৰু অকনমাণ পৰিমাণে জড়িত হৈ আছে জয়ন্ত মল্ল বৰুৱা বুলি মন্তব্য কৰে বিধায়কজনে ৷