অসম

assam

ETV Bharat / state

Abinash Saikia dead body recovered: 47 দিনৰ অন্তত অবিনাশ শইকীয়াৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ - জংঘলত উদ্ধাৰ কৰা হৈছে অবিনাশৰ মৃতদেহ

চৰণেহে জানে মৰণৰ ঠাই ৷ 47 দিনৰ অন্তত নিজ বাসগৃহৰ পৰা নাতি দূৰৈৰ জংঘলত উদ্ধাৰ কৰা হৈছে নিৰুদ্দিষ্ট ছাত্ৰ অবিনাশ শইকীয়াৰ অৰ্ধগলিত মৃতদেহ (Missing Abinash Saikia body recovered )৷

Abinash Saikia dead body recovered
Abinash Saikia 47 দিনৰ অন্তত অবিনাশ শইকীয়াৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ body recovered

By

Published : Apr 21, 2023, 5:09 PM IST

47 দিনৰ অন্তত অবিনাশ শইকীয়াৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

যোৰহাট, 21 এপ্ৰিল : 47 দিনৰ অন্তত উদ্ধাৰ নিৰুদ্দিষ্ট ছাত্ৰ অবিনাশ শইকীয়াৰ অৰ্ধগলিত মৃতদেহ (Abinash Saikia dead body recovered)৷ নিজ বাসগৃহৰ পৰাৰ নাতি দূৰৈৰ জংঘলত উদ্ধাৰ কৰা হৈছে অবিনাশৰ মৃতদেহ (Missing Abinash Saikia body recovered ) ৷

ঘটনাৰ বিৱৰণী অনুসৰি পূব যোৰহাটৰ কেন্দুগুৰি ২ নং বামুণ গাঁৱৰ নিবাসী অবিনাশ শইকীয়া (২০) যোৱা ৫ মাৰ্চ তাৰিখৰ পৰাই নিৰুদ্দেশ হৈ আছিল (Abinash Saikia missing case)। ঘৰৰ পৰা কাম থকা বুলি ওলাই আহি অবিনাশ ঘৰলৈ উভতি নোযোৱাত ঘৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ লগে লগেই আবিনাশৰ পিতৃ অচ্যুত শইকীয়াই যোৰহাট সদৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কত এক এজাহাৰ দাখিল কৰিছিল (Abinash Saikia mysterious death) ।

তাৰ পাচৰ পৰাই আৰক্ষী আৰু পৰিয়ালৰ লোকে অনুসন্ধান আৰম্ভ কৰিছিল আবিনাশৰ । কিন্তু ব্যৰ্থ হৈছিল অবিনাশৰ সন্ধান লাভ কৰাত। অবিনাশ নিৰুদ্দেশ হোৱাৰ দিন বাগৰি যোৱাৰ লগে লগেই পৰিয়ালৰ লোক যথেষ্ট চিন্তিত হৈ পৰিছিল । সেই সময়ছোৱাত অবিনাশ কোনো নিষিদ্ধ ঘোষিত সংগঠনত ভৰ্তি হোৱাৰ সন্দৰ্ভতো সন্দেহ প্ৰকাশ কৰা হৈছিল (Youth mysterious death) ।

এই সকলো দিশ চালি জাৰি চাই যুৱকজনৰ পৰিয়ালৰ লোকে 22 এপ্ৰিলত যোৰহাট প্ৰেছ ক্লাৱত পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰাৰ কথা আছিল। কিন্তু সংবাদমেল সম্বোধন কৰাৰ এদিন পূৰ্বেই শুকুৰবাৰে অবিনাশৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । অবিনাশৰ মৃতদেহ প্ৰত্যক্ষ কৰে ককাকে। লগে লগে ককাকে হুলস্থূল পৰিৱেশৰ সৃষ্টি কৰাত পৰিয়ালৰ লোকৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (Youth dead body recovered in Jorhat) ৷

লগে লগে ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। অবিনাশৰ শৰীৰ সম্পূৰ্ণৰূপে উৱলি যোৱা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । ইয়াৰ পিচতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । এতিয়া আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব অবিনাশৰ মৃত্যুৰ প্ৰকৃত কাৰণ। অবিনাশৰ হত্যা নে আত্মহত্যা এই সন্দৰ্ভত এতিয়ালৈ কোনো তথ্য জানিব পৰা হোৱা নাই । ইতিমধ্যে এই সক্ৰান্তত মণিপুৰৰ এজন লোকক সোধা-পোছা কৰাৰ বাবে আৰক্ষীয়ে আটক কৰিছে ।

উল্লেখ্য যে উত্তৰ যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আছিল অবিনাশ শইকীয়া ৷ অবিনাশৰ পিতৃ পেচাত এগৰাকী শিক্ষক ৷ অচুত শইকীয়াৰ বাসগৃহ উজনি মাজুলীৰ পানীখাইতি গাঁৱত যদিও একমাত্ৰ পুত্ৰৰ উচ্চ শিক্ষাৰ বাবে যোৰহাট কেন্দুগুৰি ২নং বামুন গাঁৱত ভাৰাতীয়া হিচাবে বসবাস কৰি আহিছিল ৷ অবিনাশৰ মৃতদেহ উদ্ধাৰৰ পিচতে ঘৰখনত কান্দোনৰ ৰোল উঠিছে ৷ একমাত্ৰ পুনৰ ৰহস্যজনক মৃত্যুক সহজে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:Terrorist attack in Poonch : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details