অসম

assam

ETV Bharat / state

নিৰ্বাচনী সভালৈ গৈ নিৰুদ্দেশ মহিলা - woman Missing

বিগত মাহৰ 19 তাৰিখে মেৰাপানীৰ ভকত গাঁৱৰ সীতা দাস নামৰ মহিলাগৰাকী সমীপৰে এখন নিৰ্বাচনী সভালৈ বুলি ওলাই গৈছিল। কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ 20দিন পাৰ হোৱাৰ পাচতো আশ্বৰ্য্যজনক ভাৱে নিজ ঘৰলৈ উভতি অহা নাই মহিলা গৰাকী।

নিৰ্বাচনী সভালৈ গৈ নিৰুদ্দেশ মহিলা
নিৰ্বাচনী সভালৈ গৈ নিৰুদ্দেশ মহিলা

By

Published : Apr 9, 2021, 12:12 PM IST

তিতাবৰ,9 এপ্ৰিল:নিৰ্বাচনী সভালৈ বুলি ওলাই গৈ বিগত 20 দিনে নিৰুদ্দেশ হৈ আছে মেৰাপানীৰ এগৰাকী মহিলা। বিগত মাহৰ 19 তাৰিখে মেৰাপানীৰ ভকত গাঁৱৰ সীতা দাস নামৰ মহিলাগৰাকী সমীপৰে এখন নিৰ্বাচনী সভালৈ বুলি ওলাই গৈছিল। কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ 20দিন পাৰ হোৱাৰ পাচতো আশ্বৰ্য্যজনক ভাৱে নিজ ঘৰলৈ উভতি অহা নাই মহিলা গৰাকী।

ইফালে মহিলা গৰাকীক বিচাৰি নাপাই দৰিদ্ৰ পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ । দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়া স্বামী হৰেশ্বৰ দাসে আত্মীয় স্বজনৰ ঘৰত বহু বিচাৰ খোচাৰ কৰাৰ লগতে ইতিমধ্যে পত্নীৰ নিৰুদ্দেশ সম্পৰ্কত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আৰক্ষীৰ সহযোগ বিচাৰ খোচাৰ কৰিছে যদিও পত্নীৰ কোনো সুং-সূত্ৰ উলিয়াব পৰা নাই ৷

নিৰ্বাচনী সভালৈ গৈ নিৰুদ্দেশ মহিলা

ইফালে, পোন্ধৰ বছৰীয়া কন্যাক অকলে ঘৰত এৰি দিন হাজিৰা কৰিবলৈও যাব নোৱাৰা হৈছে হৰেশ্বৰ দাস। সম্প্ৰতি নিৰুদ্দিষ্ট পত্নী ঘৰলৈ ওভতি অহাৰ আশাত পদুলি মুখলৈ চাই সময় অতিবাহিত কৰিছে স্বামী হৰেশ্বৰ দাসে ৷

লগতে পঢ়ক: ৰহাৰ মণিপুৰটুপত ভয়ানক অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details