অসম

assam

ETV Bharat / state

উৰুখা পঁজাত জীৱন সংগ্ৰাম শংকৰী সংস্কৃতিৰ সাধকৰ - দুশ বছৰীয়া সাঁচিপাতৰ পুথি দান কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সংগ্ৰহালয়লৈ

উৰুখা পঁজাত জীৱন সংগ্ৰাম কৰা টীয়কৰ এগৰাকী শংকৰী সংস্কৃতিৰ সাধকে দুশ বছৰীয়া সাঁচিপাতৰ পুথি দান কৰিলে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সংগ্ৰহালয়লৈ ৷

Misery of a Sankari culture devotee at Teok
উৰুখা পঁজাত জীৱন সংগ্ৰাম এগৰাকী শংকৰী সংস্কৃতিৰ সাধকৰ

By

Published : Jun 18, 2020, 1:35 PM IST

টীয়ক, 18 জুন : যোৰহাট জিলাৰ টীয়কৰ ভগামুখ পঞ্চায়তৰ বহতিয়ামুখৰ শিৱ শৰ্মা নামৰ এজন নব্বৈউৰ্ধৰ বৃদ্ধই সমান্তৰালকৈ পাঁচটা খোল বজোৱাৰ লগতে কৰি গৈছিল শংকৰী সংস্কৃতিৰ সাধনা আৰু সংস্কৃতিৰ বিৰল চৰ্চা ৷ কিন্তু সেই শংকৰী সংস্কৃতিৰ সাধকগৰাকী বৰ্তমান হৈ পৰিছে অসহায় আৰু অকলশৰীয়া ৷ বৰ্তমান শিৱ শৰ্মাৰ নাই বাসপযোগী এটি গৃহ ৷

উৰুখা পঁজাত জীৱন সংগ্ৰাম এগৰাকী শংকৰী সংস্কৃতিৰ সাধকৰ

অকলশৰে থকা নব্বৈউৰ্ধৰ লোকজনৰ নামত এটি চৰকাৰী বাসগৃহ আহিছিল যদিও চৰকাৰী মেৰপেচত সোমাই সেয়া ফাইলৰ ভিতৰতে আৱদ্ধ হৈ থাকিল ৷ বৰ্তমান তেওঁ বাস কৰে বৰষুণ দিলেই পানী সোমাই অহা এক উৰুখা পঁজাত ৷

তৎস্বত্তেও শিৱ শৰ্মাই আজু ককাৰ দিনৰ সাঁচিপতিয়া পুথিসমূহক বুকুত বান্ধি নিঃস্বাৰ্থভাবে বিলাই গৈছে শংকৰী সংস্কৃতিৰ মূল মন্ত্ৰসমূহ । উল্লেখযোগ্য যে, ষাঠি দশকৰ সময়ছোৱাত শৰ্মাই নিজা তত্বাৱধানত সমগ্ৰ অঞ্চলতে ভাওঁনা সংস্কৃতিক দাঁতিকাষৰীয়া অঞ্চললৈ বিয়পাই দিয়াত আগভাগ লৈছিল ।

কিন্তু অতি পৰিতাপৰ কথা যে, তেওঁৰ সেই বিলুপ্তপ্ৰায় সাঁচিপাতৰ পুথিসমূহ সংৰক্ষণৰ অভাৱত উৰুখা পঁজাৰ ভিতৰতে জহিখহি গৈছে ৷ জহি-খহি যোৱা এখন দুশ বছৰীয়া সাঁচিপাতৰ পুথি ককায়ে স্থানীয় কেইবাজনো যুৱকৰ সহায়ত টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সংগ্ৰহালয়লৈ আগবঢ়াই আৰু এতিয়াহে তেওঁৰ মনটো উৎফুল্লিত হৈছে বুলি প্ৰকাশ কৰে ৷

আৰু পঢ়ক : গোলাঘাট নাৰ্চিং হ'মত পুনৰ 5 জনৰ দেহত কোভিড-19 পজিটিভ

ABOUT THE AUTHOR

...view details