অসম

assam

ETV Bharat / state

Minister Pijush Hazarika :জাঁজীৰ মথাউৰি শীঘ্ৰে মেৰামতি কৰাৰ আশ্বাস পীযুষ হাজৰীকাৰ - Pijush Hazarika slams MP Pradyut Bordoloi

সাংসদ প্ৰদ্যুত বৰদলৈয়ে মন্ত্ৰী পীযুষ হাজৰীকা এসময়ত কংগ্ৰেছৰ দলৰে আছিল বুলি কৰা মন্তব্য়ৰ পিচতেই সৰৱ হৈ পৰিছে জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী ।

Minister Pijush Hazarika
মন্ত্ৰী পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:16 PM IST

মন্ত্ৰী পীযুষ হাজৰীকা

টীয়ক, ২৬ ছেপ্টেম্বৰ:অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি টীয়কত উপস্থিত হৈ জাঁজী নদীৰ পাৰৰ শেনচোৱা গাঁও,বনাইঘাট আৰু জেলেঙীটোপকে ধৰি কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে । জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে প্ৰায় ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উক্ত মথাউৰিটো অতি কম দিনৰ ভিতৰত মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে । ৰাইজৰ মথাউৰিৰ পকীকৰণৰ দাবীৰ প্ৰতি সঁহাৰি জনাই পীযুষ হাজৰীকা আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰি সোনকালে যাতায়ত সুচলৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিয়ে ।

ইপিনে, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । সাংসদ প্ৰদ্যুত বৰদলৈয়ে মন্ত্ৰী পীযুষ হাজৰীকাক লৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কংগ্ৰেছক চাফা কৰি দিম বুলি কোৱা মন্তব্যটো তেওঁৰ ভুলহে হৈছিল বুলি উল্লেখ কৰি কয়,"বৰ্তমান কংগ্ৰেছক শেষ কৰিবলগীয়া একো নাই । বৰং কংগ্ৰেছ ক্ৰমাত উজনি পৰা নামনিলৈকে নিজে নিজে শেষ হৈ গৈছে ।" তেওঁ লগতে পূৰ্বে কংগ্ৰেছত থাকি ৰাজনীতিৰ আদিপাঠ লৈছিল যদিও কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ তথা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্তি বিচাৰি প্ৰকৃত দেশ উন্নয়ন স্বাৰ্থত বিজেপি দলত যোগদান কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

উক্ত কাৰ্যসূচীত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী,অসম উদ্যোগিক আন্ত:গাঁথনি উন্নয়ন পৰিষদৰ অধ্যক্ষ শান্তনু পূজাৰী, জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, বিকাশ শইকীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক দলীয় নেতা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।

উল্লেখ্য় যে সোমবাৰে জাগীৰোডত সাংসদ প্ৰদ্যুত বৰদলৈয়ে মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ কৈছিল যে বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰীকা এসময়ত কংগ্ৰেছৰ দলৰে আছিল ৷ সেই কথা তেওঁ কিয় পাহৰিছে ৷ তেওঁ পিতৃ কংগ্ৰেছত আছিল ৷ এসময়ত যুৱ কংগ্ৰেছ কৰি ৰাজনীতিলৈ আহিল ৷ যেতিয়া অহংকাৰী হৈ থাকে বা গৰম ভাতৰ ধোঁৱাই খোৱা বুলি কয় তেতিয়া এনেধৰণৰ কথা কয় । ইয়াৰ পিচতেই মন্ত্ৰী পীযুষ হাজৰীকাই তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

লগতে পঢ়ক:Rojgar Mela 2023: দেশৰ বাবে উৎসৰ্গিত মনোভাৱ লৈ কাম কৰিবলৈ কৰ্মচাৰীক আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details