যোৰহাট, 25 ডিচেম্বৰ:যোৰহাটৰ মাৰোৱাৰীপট্টিত সংঘটিত হোৱা অগ্নিকাণ্ডৰ স্থান দেওবাৰে পৰিদৰ্শন কৰে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে (Jogen Mohan visits Jorhat fire site) ৷
মন্ত্ৰীগৰাকীয়ে অগ্নিকাণ্ডৰ স্থান পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়- "এই অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি হৈছে ৷ জিলা প্ৰশাসনে তৎপৰতাৰে দুদিনৰ ভিতৰত জুই নুমুৱাবলৈ সক্ষম হৈছে ৷ যিহেতু অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বিধানসভাৰ শীতকালীন অধিৱেশন চলি আছিল ৷ গতিকে অধিৱেশনৰ পৰাই ঘটনাৰ খবৰ লৈ আছিলো ৷ এতিয়া মূল কথা হৈছে যিবিলাক কাৰণত এনেকুৱা অগ্নিকাণ্ড সংঘটিত হয় সেই কাৰণবোৰ জানি আমি ইয়াৰ সমাধান উলিয়াব লাগিব (Reason of Jorhat fire incident)"৷
লগতে মন্ত্ৰীগৰাকীয়ে কয়,"এনেধৰণৰ অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ ইয়াৰ ওপৰত পৰ্যালোচনা কৰিব লাগিব ৷ APDCL অথবা যোগান বিভাগৰ লগত বৈঠক অনুষ্ঠিত কৰি আলোচনা কৰিব লাগিব ৷ প্ৰত্যকগৰাকী ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ৰ বীমা কৰিব লাগে ৷ তেতিয়া ক্ষতিপূৰণটো অন্তত ক্ষতিগ্ৰস্তলোকসকলে পাই যাব ৷ দুৰ্যোগ ব্যৱস্থাপনাৰ নিয়ম অনুসৰি এক লাখ বিশ হাজাৰ টকা দি সহায় কৰিব পৰা যাব ক্ষতিগ্ৰস্ত লোকসকলক ৷ এই টকাৰে ব্যৱসায়ীসকলক আমি কিছু সকাহ দিব পাৰিম ৷ আনহাতে যিসমূহ আৱাসগৃহ গৰাকীয়ে নীতি-নিয়ম জলাঞ্জলি দি নিৰ্মাণ কৰিছিল সেয়াও পৰ্যবেক্ষণ কৰা হ’ব ৷ "
উল্লেখযোগ্য যে যোৱা ২১ ডিচেম্বৰ নিশা ১০.১৫ বজাত যোৰহাট নগৰৰ মাজমজিয়াস্থিত মাৰোৱাৰীপট্টিত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ড (Jorhat Fire Incident) । নিমিষতে ছাই হৈ গৈছিল বহুকেইখন দোকান ৷ প্ৰথম অৱস্থাত অগ্নি নিৰ্বাপক বাহিনীৰ লগতে স্থানীয় ৰাইজৰ বহু প্ৰচেষ্টাইও নুমুৱাব পৰা নাছিল জুই ৷