যোৰহাট, 22 ডিচেম্বৰ : "বিৰোধী যিমান লগ হৈছে, ইণ্ডি এলায়েন্স নামেৰে যিটো দল হৈছে, সকলোৱে মিঞাৰ ভোটৰ ওপৰতে চিন্তা কৰি আছে ৷ গতিকে য’তেই মিঞা আছে তাতেই ঢাপলি মেলিছে তেওঁলোকে ৷" এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ শুকুৰবাৰে যোৰহাট জিলাৰ তিতাবৰত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
মন্ত্ৰী বৰুৱাই কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটক কটাক্ষ কৰি কয় যে, তেওঁলোকৰ প্ৰত্যেকজন নেতাই সুৰক্ষিত ঠাইবিলাক বিচাৰি ফুৰিছে যে য’ত মিঞাৰ ভোটেৰে তেওঁলোকে নিজকে সুৰক্ষিত বুলি ভাবে ৷ তিতাবৰ সমষ্টিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এইটো সমষ্টি এজন মুখ্যমন্ত্ৰীয়ে 15 বছৰ শাসন কৰি গৈছে ৷ তেওঁৰ সতি-সন্ততিয়ে এতিয়া বেলেগ সমষ্টি বিচাৰি ফুৰিব লগা হৈছে বুলি কয় মন্ত্ৰী জয়ন্ত মল্লই ৷
সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, দেউতাকে 15 বছৰ শাসন কৰা এই ঠাই তেওঁৰ বাবে সুৰক্ষিত নহয় ৷ ইয়াৰ অৰ্থ তেওঁলোকৰ সুৰক্ষা মিঞাৰ ওচৰত বুলিয়ে ভাবে বুলি কয় মন্ত্ৰী বৰুৱাই ৷ তেওঁলোকক শুভেচ্ছা দিয়া বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয় যে, যি অঞ্চলতে মিঞা আছে সেই অঞ্চলতে তেওঁলোক গৈছে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, মিঞাৰ ভোটৰ আশাত তেওঁলোক দৌৰি ফুৰিছে কাৰণ অসমৰ খিলঞ্জীয়া মানুহে তেওঁলোকক ভোট নিদিয়ে বুলি তেওঁলোকে জানে ৷