অসম

assam

By

Published : Aug 17, 2023, 5:02 PM IST

ETV Bharat / state

Jayanta Malla Baruah: ইন্দ্ৰানী তহবিলদাৰৰ দৰে ঘটনাবোৰে সমাজত ঋণাত্মক প্ৰভাৱ পেলায়; জয়ন্ত মল্ল বৰুৱা

যোৰহাটত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল ৷ যোৰহাটত জল জীৱন আঁচনিৰ কামৰ আগ্ৰগতি সন্দৰ্ভত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাকলৈয়ো প্ৰতিক্ৰিয়া ৷

Jayanta Malla Baruah
Jayanta Malla Baruah

যোৰহাটত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

যোৰহাট, 17 আগষ্ট: ইন্দ্ৰানী তহবিলদাৰৰ দৰে ঘটনাবোৰে সমাজত ধনাত্মক প্ৰভাৱ নেপেলায় আৰু এনে বাতৰি পৰা আঁতৰত থাকক ৷ এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ বৃহস্পতিবাৰে যোৰহাটৰ আৱৰ্ত ভৱনত সংবাদমেল অনুষ্ঠিত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

ইন্দ্ৰানী তহবিলদাৰৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এনে ধৰণৰ বাতৰিয়ে পৰিয়ালটোক বেছি ক্ষতিগ্ৰস্থ কৰা উপৰিও সমাজ ব্যৱস্থাটোক নষ্ট কৰে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে সমষ্টি পুনৰ নিধাৰণ খচৰাৰ চূড়ান্ত তালিকা ওলাই গ'ল আৰু ৰাষ্ট্ৰপতিয়ে ইয়াত শেষৰটো মোহৰ মাৰিলে ৷ এই খচৰাৰ জৰিয়তে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হ’ব ৷

জল জীৱন আঁচনিৰ বিৱৰণো দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে ৷ যোৰহাটত তিনিখন উৰণ সেঁতু নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৰহাটত জল জীৱন আঁচনিৰ অধীনৰ 60খন আঁচনি সম্পূৰ্ণ কৰি উলিওৱা হৈছে ৷ এই আঁচনিত বিভিন্ন বিভাগৰ মুৰব্বীক নিয়োজিত কৰা হৈছে ।

যোৰহাটৰ বঙালপুখুৰীত অমৃত জল আঁচনি মডেল হিচাবে গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ পানী 100 শতাংশই বিশুদ্ধ ৷ জনসাধাৰণে 1 লিটাৰ পানী 1 টকাত ক্ৰয় কৰিব পাৰিব লগতে জল জীৱন আঁচনিৰ সুবিধা লাভ কৰা সকলেও এই সুবিধা লাভ কৰিব ৷

জনসাধাৰণে পানী পোৱা আৰু নোপোৱা আদি বিভিন্ন সমস্যা অৱগত কৰিবলৈ হেল্পলাইন নম্বোৰো মুকলি কৰাৰ কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷ অন্যহাতে যোৰহাট নগৰৰ খোৱা পানী সুবিধাৰ্থে 130 কোটি টকা ব্যয় সাপেক্ষে এক আঁচনি গ্ৰহণ কৰা হৈছে বুলিও আজিৰ সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

কংগ্ৰেছী বিধায়ক জ্যোতি বৰুৱাই মুখ্যমন্ত্ৰীৰ সভাত উপস্থিত থকা সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাই কয় যে এগৰাকী বিৰোধী জন প্ৰতিনিধিয়ে সমষ্টি উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাটো কোনো ডাঙৰ কথা নহয় বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:CM in Jorhat: যোৰহাট আৱৰ্ত ভৱনত শিক্ষাৰ্থীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details