যোৰহাট, ১৭ জানুৱাৰী :মঙলবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ (Assam govt cultural affairs department) উদ্যোগত কেন্দ্ৰীয়ভাৱে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ড৹ মাধৱ চন্দ্ৰ স্মাৰক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় শিল্পী দিৱস (Assam govt observed Shilpi Diwas in Jorhat) । মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৱিত্ৰ স্মৃতিত ১৭ জানুৱাৰীৰ এই দিনটোত ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস (Shilpi Diwas observed in Jorhat) ।
যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰা শিল্পী দিৱসত ২০২২ বৰ্ষৰ ড৹ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা প্ৰদান কৰা হয় মঞ্চ আৰু ৰূপালী পৰ্দাৰ সুদক্ষ অভিনেতা অৰুণ নাথলৈ (2022 Bhabendra Nath Saikia award to Arun Nath) । আনহাতে, ২০২২ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰে অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু ২০২২ বৰ্ষৰ বিজু ফুকন বঁটা লাভ কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱে । লগতে ২০২২ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা লাভ কৰে বিশিষ্ট লেখক মিলেশ্বৰ পাটৰে ।
উক্ত বঁটাসমূহৰ লগতে ২০২৩ বৰ্ষৰ শিল্পী বঁটা আগৱঢ়োৱা হয় প্ৰথিতযশা শিল্পী ৰাজেন গোঁহাই আৰু বিশিষ্ট লোকসংগীতৰ শিল্পী পখিলা লেকথপীক । আজিৰ শিল্পী দিৱসৰ অনুষ্ঠানত এই বঁটাসমূহ আগবঢ়ায় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই (Minister Bimal Bora distributed cultural awards) । উক্ত বঁটাসমূহত আছে এখন মানপত্ৰ, অংগ বস্ত্ৰ, শৰাই, সম্বৰ্ধনা-পত্ৰ আৰু নগদ ধন । আনহাতে, আজিৰ অনুষ্ঠানতেই ৰাজ্যৰ ৫০ গৰাকী শিল্পীক শিল্পী পেঞ্চন আৰু ১৫২ গৰাকীক বাৰ্ষিক শিল্পী পেঞ্চন প্ৰদান কৰা হয় ।