অসম

assam

ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰে বৈঠক কৃষি মন্ত্ৰী অতুল বৰাৰ - কৃষি অৰ্থনীতি

কৃষিমন্ত্ৰী অতুল বৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰে ৰাজ্যৰ কৃষি অৰ্থনীতি উন্নয়নৰ বিষয়ত বিশেষ পৰ্যালোচনা । উপাচাৰ্যৰ বিশেষ পৰামৰ্শ ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰে বেঠক কৃষি মন্ত্ৰী অতুল বৰাৰ
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰে বেঠক কৃষি মন্ত্ৰী অতুল বৰাৰ

By

Published : May 15, 2021, 10:39 PM IST

যোৰহাট, ১৫মে’: অসমৰ কৃষিমন্ত্ৰী হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰা কৃষিমন্ত্ৰী অতুল বৰাই শনিবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে এক বিশেষ পৰ্যালোচনাত মিলিত হয় । যোৰহাটস্থিত বিশ্ববিদ্যালয়ৰ অতিথিশালাত অনুষ্ঠিত এই পৰ্যালোচনাত কৃষিমন্ত্ৰী গৰাকীয়ে উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাৰ সৈতে ক’ভিড সৃষ্ট পৰিস্থিতিত কৃষি ক্ষেত্ৰৰ ভূমিকা আৰু ৰাজ্যৰ কৃষি অৰ্থনীতি সৱলীকৰণৰ বাবে কৰণীয় বিষয়ত বিশেষভাবে আলোচনা কৰে । এই আলোচনাত ক’ভিড সৃষ্ট পৰিবেশৰ দৰে জটিল সময়ত তথা সামগ্ৰিকভাবে ৰাজ্যৰ কৃষি ব্যৱস্থাৰ উত্তৰণ দিশত উপাচাৰ্য গৰাকীয়ে পৰামৰ্শ আগবঢ়ায় । এই দিশত উত্তৰণৰ বাবে প্ৰধানকৈ দুতৰপীয়া শস্যক্ৰমৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব লাগিব বুলি উপাচাৰ্য গৰাকীয়ে মন্তব্য আগবঢ়াই ।

দ্বিতীয়তে ৰাজ্যখনক কণী আৰু মাংস উৎপাদনৰ ক্ষেত্ৰত স্বাবলম্বী কৰি ৰাজ্যৰ কৃষিক্ষেত্ৰ সমৃদ্ধিশালী কৰাৰ বাবে প্ৰকল্প গ্ৰহণ কৰিলে এই দিশত সফলতা লাভ কৰিব পৰা যাব বুলি কয় । তাৰোপৰি ৰাজ্যৰ ভিতৰতে ধান, মাহ আৰু তৈলবীজ উৎপাদনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উৎপাদিত উচ্চ উৎপাদনক্ষম পৰীক্ষাকৃত বীজ সমূহ যাতে অসম চৰকাৰে ক্ৰয় কৰে আৰু তাৰ পৰা যাতে বিশ্ববিদ্যালয়ে বছৰি ২০-২৫ কোটি টকাৰ আয় কৰিব পাৰে তাৰ বাবে ব্যৱস্থা লবলৈ অনুৰোধ জনায় । এই সমূহ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দিশত বিশ্ববিদ্যালয়ে সকলো দিহা পৰামৰ্শ তথা কাৰিকৰী সহায় সহযোগ আগবঢ়াব বুলিও উপাচাৰ্য গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ।

আলোচনা কালত উপাচাৰ্য গৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ত খালী হৈ থকা শিক্ষক আৰু অনাশিক্ষক পদ সমূহ পূৰণৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ অনুৰোধ জনোৱাত মন্ত্ৰীগৰাকীয়ে এই দিশত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি শীঘ্ৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰে । বিশ্ববিদ্যালয় ভ্ৰমণকালত কৃষিমন্ত্ৰীগৰাকীক ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়েও সংগ দিয়ে ।

লগতে পঢ়কঃ হেমলাই চাহ বাগিছা অঞ্চলৰ পৰা দুই ধৰ্ষণকাৰী আটক

ABOUT THE AUTHOR

...view details