যোৰহাট, ২৮ ডিচেম্বৰ:যোৱা ২১ ডিচেম্বৰ নিশা ১০.১৫ বজাত যোৰহাটৰ মাৰোৱাৰীপট্ৰিত সংঘটিত অগ্নিকাণ্ডস্থলী মঙলবাৰে পৰিৰ্দশন কৰে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog visited Fire place of Jorhat) । অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থসকলক অসম দুৰ্যোগ ব্যৱস্থাপন বিভাগৰ অধীনত এককালীন সাহায্য প্ৰদান কৰে (One time assistance to fire victims at Jorhat)।
মন্ত্ৰী অজন্তা নেওগে অগ্নিকাণ্ডস্থলী পৰিৰ্দশন কৰাৰ পিছত কয়," অসম বিধানসভাৰ অধিৱেশনৰ বাবে ঘটনাস্থলীলৈ আহিব পৰাৰ নাছিলো যদিও সকলো ঘটনা তদাৰক কৰি আহিছিলো । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ নিদেশ মৰ্মে ঘটনাস্থলীলৈ আহিছো আৰু ক্ষয়-ক্ষতিৰ পৰিমাণৰ বুজ লৈছো ।" তেওঁ কয় যে চৰকাৰী নিয়ম মতে ক্ষতিগ্ৰস্থ সকলক ৬৫ হাজাৰ আৰু ১.২০ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰা হৈছে । ইপিনে, নীতি-নিয়ম জলাঞ্জলি দি যিসমূহ গৃহ নিৰ্মাণ কৰিছিল সেয়াও পৰ্যবেক্ষণ কৰি ইয়াৰ সমাধান সুত্ৰ উলিয়াব বুলি কয় মন্ত্ৰী অজন্তা নেওগে ।
২১ ডিচেম্বৰ নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা প্ৰতিৰোধ কৰাত প্ৰশাসন আৰু স্থানীয় যিসকল লোকে সহায়ৰ হাত আগৱঢ়ালে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে । দুদিন ধৰি জ্বলি থকা জুই নুমুৱাবলৈ ৫৭ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ব্যৱহাৰ কৰাৰ হৈছিল বুলি উল্লেখ কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে । মন্ত্ৰীগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত স্থানীয় লোক আৰু চেম্বাৰ অৱ কৰ্মাচৰ বিষয়ববীয়া সৈতে উক্ত ঘটনাক লৈ এক আলোচনাতো মিলিত হয় । ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে ।