অসম

assam

By

Published : Feb 17, 2023, 9:58 PM IST

ETV Bharat / state

Jorhat Chowk Bazaar fire: জুইত জাহ গ’ল জীৱিকা; ক্ষতিপূৰণক লৈ দোমোজা

ইতিহাস প্ৰসিদ্ধ যোৰহাট চ’ক বজাৰৰ ধ্বংসস্তূপত উপস্থিত এজনৰ পাচত আনজন চৰকাৰী প্ৰতিনিধি ৷ বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী তথা অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে আজি পৰিদৰ্শন কৰে অগ্নিকাণ্ডস্থলী ৷ অৱশ্যে ব্যৱসায়ীসকলৰ পুনসংস্থাপন তথা ক্ষতিপূৰণ দিয়াৰ সন্দৰ্ভত এতিয়ালৈ কোনো এজন প্ৰতিনিধিয়ে কোনো স্পষ্ট তথ্য সদৰী কৰা পৰিলক্ষিত নহ’ল ৷

Minister Ajanta Neog visited Fire place of Jorhat
যোৰহাট চ’ক বজাৰত অগ্নিকাণ্ড

যোৰহাট চ’ক বজাৰ অগ্নিকাণ্ডস্থলীত চৰকাৰী প্ৰতিনিধি

যোৰহাট, ১৭ ফেব্ৰুৱাৰী : ইতিহাস প্ৰসিদ্ধ যোৰহাট চ’ক বজাৰৰ অগ্নিকাণ্ডস্থলীত শুকুৰবাৰে উপস্থিত হয় বিত্ত তথা যোৰহাট জিলা অভিভাৱক মন্ত্ৰী অজন্তা নেওগ । মন্ত্ৰী অজন্তা নেওগে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি শীঘ্ৰে চ'ক বজাৰ স্থায়ী সমাধান প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ লগতে বাৰে বাৰে কিয় চ’ক বজাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’বলৈ পালে সেয়া জিলা উপায়ুক্তক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে (Fire at Jorhat chowk bazaar) ।

তেওঁ লগতে চ’ক বজাৰত ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক এককালীন সাহাৰ্য প্ৰদানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইফালে যোৰহাট স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আজি অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰি সকলোকে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে (MLA Hitendra Goswami visited Fire place of Jorhat) ৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰ নিশাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পিচত এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে ঐতিহাসিক চ'ক বজাৰ (Fire Site of Jorhat Chowk Bazar) । জুইত চূৰ্ণ-বিচূৰ্ণ হৈ গ'ল প্ৰায় ৩০০০ পৰিয়ালৰ সপোন, জীৱিকা উৎপত্তিস্থল ।

১৯৫১ চনতে স্থাপিত ঐতিহাসিক চ'ক বজাৰৰ চৌদিশে এতিয়া দেখিবলৈ পোৱা গৈছে ধ্বংসস্তপত পৰিণত হোৱা ছবি । যিমান দূৰলৈ চকু যায় সকলো পিনে কেৱল মাত্ৰ ধ্বংসাৱশেষৰ আচবাব । চৰকাৰী তথ্যমতে ৩৫১ খন আৰু বেচৰকাৰী তথ্যমতে প্ৰায় ৫৩০ খন ব্যৱসায়িক প্ৰতিষ্ঠান বৃহস্পতিবাৰে নিশা সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় । যাৰবাবে এতিয়া জীৱিকা সম্বল বিচাৰি মাথো চিৎকাৰ কৰি উঠিছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে ।

মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (MLA Rupjyoti Kurmi visit Fire place of Jorhat), অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীৰ সহিতে কোচবিহাৰৰ মধুপুৰ সত্ৰৰ ভকত বৈষ্ণৱেও আজি চ’ক বজাৰ অগ্নিকাণ্ডস্থলীত উপস্থিত হৈ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰে । সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়ক কুৰ্মীয়ে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি এনে অগ্নিকাণ্ডৰ দৰে আকস্মিক তথা বিপদাজনক ঘটনাৰ পৰা ৰক্ষা পৰাৰ বাবে পূৰ্বৰে পৰা সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনায় ৷

শীঘ্ৰে ব্যৱসায়ীসকলৰ সংস্থাপনৰ লগতে অন্যান্য বিষয়ত মুখ্যমন্ত্ৰীৰে আলোচনা চলি থকাৰ কথা ব্যক্ত কৰি বিধায়ক কুৰ্মীয়ে এই সমস্যা সমাধানৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে । আনহাতে উক্ত স্থানত উপস্থিত হৈ ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে বিট্ৰিছ দিনতে স্থাপিত উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানখন জুইত জাহ যোৱাত দুখ প্ৰকাশ কৰে ৷ আনহাতে এই ঘটনাত শোক প্ৰকাশ কৰে মধুপুৰ সত্ৰৰ ভকত -বৈষ্ণৱে ।

লগতে পঢ়ক:Fire at Jorhat: যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ

ABOUT THE AUTHOR

...view details