অসম

assam

ETV Bharat / state

Village Amalgamation: যোৰহাটৰ গাঁও কৰ্তনৰ সিদ্ধান্ত জাতি ৰক্ষাৰ বাবেহে লোৱা হৈছে: অজন্তা নেওগ

যোৰহাট জিলাৰ ৩৮ খন গাঁও গোলাঘাট জিলাত চামিল কৰা সন্দৰ্ভত মন্তব্য আগবঢ়াইছে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে (Village Amalgamation in Jorhat) ৷ অসমীয়া জাতিৰ সুৰক্ষাৰ বাবেহে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি, এয়া সাময়িক সিদ্ধান্ত বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

By

Published : Jan 3, 2023, 10:27 PM IST

Ajanta Neog reacts to Village Amalgamation
মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিক্ৰিয়া

যোৰহাট, 3 জানুৱাৰী: যোৰহাটত মন্ত্ৰী অজন্তা নেওগৰ সৈতে আলোচনাত বহিল যোৰহাটৰ পৰা কৰ্তন কৰা গাঁও সমূহৰ প্ৰতিনিধিৰ দল ৷ যোৰহাটৰ ৩৮ খন গাঁও আৰু অঞ্চল গোলাঘাট জিলাত অন্তৰ্ভুক্তিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে । এই সিদ্ধান্ত দীৰ্ঘস্থায়ী নহয়, এয়া সামায়িক সিদ্ধান্তহে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ‘‘এয়া জাতিৰ বাবেহে সিদ্ধান্ত । প্ৰত্যেকটো সিদ্ধান্তৰ সমাধান থাকে । অসমীয়া জাতিৰ বাবেহে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ হৈছে’’ (Village Amalgamation decision of Assam Govt)।

যোৰহাটৰ গাঁও কৰ্তন সন্দৰ্ভত অজন্তা নেওগৰ প্ৰতিক্ৰিয়া

গোলাঘাটত অন্তৰ্ভুক্ত গাঁও বা অঞ্চলসমূহে পূৰ্বৰ দৰে যোৰহাটতে সকলো কাম-কাজ কৰিব পাৰিব বুলি মন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে ৷ মঙলবাৰে ৩৮ খন গাঁৱৰ প্ৰতিনিধি আৰু বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া সৈতে যোৰহাটৰ আৱৰ্ত ভৱনত এক বৈঠকত মিলিত হয় মন্ত্ৰী নেওগ । উক্ত বৈঠকত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়েও অংশগ্ৰহণ কৰে (Ajanta Neog on Village Amalgamation) ।

আনহাতে, দেৰগাঁও সমষ্টিৰ সহ্ৰাধিক গাঁও আৰু অঞ্চল গোলাঘাট জিলাত অন্তৰ্ভুক্তিৰ সন্দৰ্ভত পূৰ্বতে জ্ঞাত হোৱা নাছিল বুলি কোৱা ভৱেন্দ্ৰ নাথ ভৰালীয়ে আজিৰ সভাত ওলোটা খৰ মাৰে ৷ মুখ্যমন্ত্ৰীয়ে তেওঁক ফোন কৰি এই সন্দৰ্ভত সুধিছিল বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ লগতে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলিও তেওঁ কয় (Jorhat Village Amalgamation controversy) ।

লগতে পঢ়ক:Village Amalgamation: যোৰহাটৰ গাঁও গোলাঘাটৰ সৈতে চামিলকৰণৰ বিৰুদ্ধে প্ৰতিবাদী সভা

উল্লেখ্য যে, ৩১ ডিচেম্বৰ নিশা দিল্লীত অনুষ্ঠিত হোৱা কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৰহাটৰ উত্তৰ ঠেঙাল খঙিয়া গাঁও পঞ্চায়তৰ চকলাটিং গাঁও, চাংচোৱা মধ্য ঠেঙাল গাঁও পঞ্চায়তৰ ১ নং মহবন্ধা, ২ নং মহবন্ধা , ১ নং ভালুকমৰা, ২ নং ভালুকমৰা; মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ ৰৌমাৰী খুটি, গুৱাল গাঁও, ৰঙাগড় চাপৰি, ওপৰৰ গৰুমৰা, গৰুমৰা কৈৱৰ্ত গাঁও, গৰিয়া চাপৰি, নাম গৰুমৰা, মধ্য গৰুমৰা, দৰিকামাৰী গাঁও, গেন্ধেলী, ভোজখাতী, ধেমাজি গাঁও, গুৱাল গাঁৱৰ লগতে তিতাবৰ বেকাজানৰ কেইবাখনো গাঁৱক গোলাঘাট জিলাত চামিল কৰা হৈছিল (Assam govt cabinet decision) ।

এই সিদ্ধান্তৰ পাচতেই উক্ত অঞ্চল সমূহত স্থানীয় ৰাইজ তথা দল-সংগঠনে তীব্ৰ প্ৰতিবাদ কৰা দেখা যায় (Protest against Assam govt) ৷ সোমবাৰে যোৰহাটৰ মধ্য গৰুমৰা ৰংগমঞ্চত এখন ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজে চৰকাৰৰ এই সিদ্ধান্তক বিৰোধ কৰাৰ লগতে সিদ্ধান্ত বাতিল নকৰিলে ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰে এক পত্ৰৰ জৰিয়তে যোৰহাটৰ ৩৮ খন গাঁৱৰ যাতায়াত, আইন শৃংখলা, প্ৰশাসনিক কাম-কাজ আদি সুচাৰুৰূপে চলাবৰ বাবে গোলাঘাট জিলাৰ লগত চামিল কৰাৰ নিৰ্দেশনা দিয়ে । হাস্যকৰ বিষয়টো হ’ল যে, কৰ্তন কৰা অঞ্চলসমূহৰ পৰা উল্লিখিত সকলো কাম-কাজৰ বাবে যাবলগীয়া যোৰহাটৰ বিভিন্ন বিভাগীয় কাৰ্যালয়ৰ দূৰত্ব মাত্ৰ ১৫-২০ কিলোমিটাৰ । কিন্তু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিচত এতিয়া এই কাম-কাজসমূহৰ বাবে ৰাইজে যাব লাগিব ৬০ কিলোমিটাৰ দূৰৰ গোলাঘাটলৈ যাব লাগিব । যাৰ ফলত ক্ষোভিত হৈ পৰিছে লোকসকল ৷

লগতে পঢ়ক:Protest Against Cabinet Decision: গোলাঘাটৰ সৈতে যোৰহাটৰ গাঁও চামিলকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details